ETV Bharat / state

সুৰাৰ ৰাগীত মাতাল শিক্ষকঃ গীত গাই নৃত্য কৰিলে বিদ্যালয়ত - প্ৰধান শিক্ষক ৰঞ্জন চাংমাই

এগৰাকী প্ৰধান শিক্ষকৰ কাণ্ড ৷ বিদ্যালয়ৰ চৌহদত হিন্দী আৰু অসমীয়া গীতৰ তালে তালে নাচিলে এইজন ছাৰে ৷

সুৰাৰ ৰাগিত মাতাল শিক্ষক
সুৰাৰ ৰাগিত মাতাল শিক্ষক
author img

By

Published : Nov 28, 2019, 11:58 PM IST

Updated : Nov 29, 2019, 12:57 PM IST

ধেমাজি, 28 নৱেম্বৰঃ সুৰাৰ ৰাগীত মাতাল এগৰাকী প্ৰধান শিক্ষক ৷ ছাৰে বিদ্যালয়ত শিক্ষাৰ্থীৰ সন্মুখতে গালে হিন্দী গানকে ধৰি অসমীয়া গানো ৷ গান গোৱাৰ লগতে গীতৰ তালে তালে সমানে নৃত্যও কৰিলে ছাৰে ৷

সুৰাৰ ৰাগিত মাতাল শিক্ষক

এই কাণ্ড সংঘটিত হৈছে ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীপৰা নিম্ন প্ৰাথমিক বিদ্যালয়ত ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰঞ্জন চাংমাইৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ বিদ্যাৰ্থীক পঢ়াবলৈ এৰি ছাৰে টেঁটুৰ গুৰিলৈকে মদ গিলি আহি বিদ্যালয়তে পৰি থাকে ৷ অৱশেষত ছাৰৰ কৰ্মকাণ্ডত অতিষ্ঠ হোৱা স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে বিদ্যালয়খনত উপস্থিত হয় সাংবাদিকৰ দল ৷ সুৰা সেৱন কৰাৰ কথা সাংবাদিকৰ আগত অকপটে স্বীকাৰ কৰিলে ছাৰে ৷ বৰ্তমান সময়ত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এয়াই এখন বাস্তৱ ছবি ৷ যিটো সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিছে, তেনে সময়ত এইসকল শিক্ষকৰ এনে ব্যৱহাৰে সমগ্ৰ শিক্ষা ব্যৱস্থাকে নিম্নস্তৰলৈ লৈ গৈছে ৷ এইক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷

Intro:সুৰা ৰাগিত মাতাল প্ৰধান শিক্ষকৰ কাণ্ড ৷বিদ্যালয়ৰ চৌহদত হিন্দী আৰু অসমীয়া গীত গাই নৃত্যBody: ৷

ধেমাজি , ২৮ নৱেম্বৰ : আপুনি বহু মাতাল শিক্ষক দেখিছে বহু আজৱ প্ৰধান শিক্ষক প্ৰত্যক্ষ কৰিছে ৷ পিছে এইবাৰ ধেমাজিৰ এইজন ব্যতিক্ৰম মাতাল প্ৰধান শিক্ষকৰ কাণ্ড প্ৰত্যক্ষ কৰিলে আপোনাৰ চকুঁ কপালত উঠিব ৷ ধেমাজি শিক্ষাখণ্ডৰ অন্তগৰ্ত হাতীপৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জন চাংমাই য়ে ডিঙিলৈকে এটুপি গিলি আহি বিদ্যালয়ৰ চৌহদত দিছে নৃত্য ৷ইপিনে নিচাৰ ৰাগিত চাৰে বেহুচ হৈ বহু সময় ধৰি বিদ্যালয়ৰ প্ৰাংগনতে পৰি থাকে ৷ অৱশেষত ছাত্ৰছাত্ৰী স্থানীয় ৰাইজে গাত পানী ছটিয়াই দিয়াত হে সাৰ পাই ৷ স্থানীয় ৰাইজৰ অভিযোগৰ পিছত উক্ত স্থানত সাংবাদিকৰ দল উপস্থিত হোৱা পিছতো কোনো ।ভ্ৰূক্ষেপ নকৰি হিন্দী অসমীয়া গীত গাই নৃত্য কৰিব নেৰিলে চাৰে ৷ অৱশ্যে নিচাত থাকিলে ছাত্ৰছাত্ৰীক পাঠদান দিয়াত অৱহেলা নকৰা চাৰে হেনো ছাত্ৰছাত্ৰীক আদৰ্শত উপনীত কৰাইছে ৷ সুৰা সেৱন কৰাৰ বিষয়ে অকপটে স্বীকাৰ কৰিলে চাৰে ৷ কিন্তুু কেৱল মদৰ কথা কে কৈ থাকিলে বেয়া পাই চাৰে ৷ আৰু কি কি কলে শুনকচোন চাৰৰ মুখৰ পৰাই ৷

Byte...Head Master, Hatipara LP school

উল্লেখ্য যে
৬/ ৭ বছৰ ধৰি এনেদৰেই সুৰাৰ ৰাগি ত মাতাল হৈ প্ৰায়ে বিদ্যালয়লৈ আহে শিক্ষকগৰাকী ৷ সেয়ে এতিয়া অতিষ্ঠ ছাত্ৰছাত্ৰী অভিভাৱক আৰু দুগৰাকী সহ শিক্ষক ৷

এই বিষয়ে স্থানীয় ৰাইজে শিক্ষা বিভাগক জনাই আহিছে য়দিও আজিকোপতি সংশ্লিষ্ট বিভাগে বিহিত ব্যৱস্থা গ্ৰহন কৰিব পৰা নাই ৷ সেয়ে ছাত্ৰছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ ৰাখি বিদ্যালয়ত এনে পৰিৱেশ সৃষ্টি নকৰাৰ বাবে যাবতীয় পদক্ষেপ গ্ৰহন কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

byte...local people

Pradunya Bharali , Dhemaji . ASSAM , 28/11/2019Conclusion:
Last Updated : Nov 29, 2019, 12:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.