ETV Bharat / state

জোনাইত ড্ৰাগছসহ আটক পাঁচ ড্ৰাগছ সৰবৰাহকাৰী

জোনাইত আৰক্ষীয়ে আটক কৰিলে পাঁচ ড্ৰাগছ সৰবৰাহকাৰীক ৷ বৃহস্পতিবাৰে সন্ধিয়া জোনাই মহকুমা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ব্ৰাউন চুগাৰসহ আটক কৰিবলৈ সক্ষম হয় ধৃত পাঁচ সৰবৰাহকাৰীক ৷

author img

By

Published : Jun 18, 2021, 11:41 AM IST

drugs-peddler-arrested-at-joani
জোনাইত ড্ৰাগছসহ আটক পাঁচ ড্ৰাগছ সৰবৰাহকাৰী

জোনাই, ১৮ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হোৱাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰী আটক হৈছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া জোনাই মহকুমা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ব্ৰাউন চুগাৰসহ পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । জোনাই মহকুমাৰ নৱ নিযুক্ত মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমনি দাসে জানিব দিয়া মতে দিনৰ ৩.০০ বজাতে স্থানীয় লোকে জোনাইৰ গালী পথাৰ অঞ্চলত কেইজনমান যুৱকে ড্ৰাগছ বেচি থকা বুলি খবৰ দিয়ে ৷

ইয়াৰ পিছতেই শুকুৰবাৰে সন্ধিয়া জোনাইৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসন্ন সোনোৱালৰ নেতৃত্বত জোনাই গালী পথাৰত অভিযান চলাই পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ৭ গ্ৰাম ব্ৰাউন চুগাৰ ৷ আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকেইজন হ’ল নাহৰ বান্দানাৰ পুনেশ্বৰ দলেৰ পুত্ৰ ৰহিত দলে(৩২), স্বৰ্গীয় দিবাকৰ দলেৰ পুত্ৰ সৰ্বানন্দ দলে (২৯), স্বৰ্গীয় নবিন পেগুৰ পুত্ৰ গনপতি পেগু (৩৫), বীৰবল পেগুৰ পুত্ৰ সুশিল পেগু (৪০) আৰু জোনাই আগাম দলুঙৰ পুনাৰাম গগৈৰ পুত্ৰ ৰবিন গগৈ ৷

লগতে পঢ়ক : অচিৰেই ৰঙিয়াৰ পৰা কামাখ্যালৈ চলিব বিদ্যুৎ চালিত ৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.