জোনাই,৩ জুন : জোনাইত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে । জোনাইত বৃহস্পতিবাৰে পুনৰ আৰু এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰিছে আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ ভিত্তিত জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে, জোনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসন্ন সোণোৱালৰ নেতৃত্বত তালাচী অভিযান চলাই জোনাইৰ ২ নং উদয়পুৰৰ নিবাসী টুটু বৰাৰ (২৮) নামৰ সৰহবৰাহকাৰীটোৰ পৰা এক পেকেট সন্দেহজনক ড্রাগছ (১৩.৮৬ গ্রাম), এটা ম’বাইল হেণ্ডছেট আৰু নগদ ৩৬০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে, জোনাইত বিগত কিছু মাহ ধৰি জোনাই আৰক্ষীয়ে মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি জোনাই আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আৰু সেৱনকাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : নাৰ্চ : নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসা সেৱাত ব্ৰতী এইসকল ক’ভিড যোদ্ধা