ETV Bharat / state

Missing at Dhemaji:ধেমাজিত দহ দিনেই সন্ধানহীন চালক - Fir lodged at Dhemaji Sadar police station

২৩ নবেম্বৰত ধেমাজি সদৰৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ হয় এজন চালক (Missing at Kekuri Village in Dhemaji)। নিজা গাড়ী লৈ ওলাই যোৱা বিপুল বুঢ়াগোঁহাই নামৰ চালকজনে আজিলৈকে পৰিয়ালটোৰ সৈতে কোনো যোগাযোগ কৰা নাই । ইয়াকে লৈ পৰিয়ালৰ লোকসকল চিন্তিত হৈছে ।

Missing at Dhemaji
ধেমাজিত দহ দিনেই সন্ধানহীন চালক
author img

By

Published : Dec 4, 2022, 12:53 PM IST

ধেমাজি,৪ ডিচেম্বৰ:ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কেকুৰী গাঁৱৰ বিপুল বুঢ়াগোঁহাই নামৰ লোকজন বিগত দহ দিনেই সন্ধানহীন হৈ আছে (Driver missing in Dhemaji)। যোৱা ২৩ নবেম্বৰত ধেমাজি সদৰৰ পৰা ৰহস্যজনক ভাৱে তেওঁ নিৰুদ্দেশ হয় । ইয়াকে লৈ পৰিয়ালৰ লোকসকল চিন্তিত হৈছে ।

পৰিয়ালৰ লোকে সদৰি কৰা মতে, নিজা গাড়ী লৈ ওলাই যোৱা বিপুলে ২৩ নবেম্বৰৰ পৰা আজিলৈকে পৰিয়ালটোৰ সৈতে কোনো যোগাযোগ কৰা নাই । সেয়েহে তেওঁৰ পৰিয়ালটোৱে পাৰ কৰিবলগীয়া হৈছে উজাগৰী নিশা । কন্দোনত ভাঙি পৰিছে মাতৃ আৰু পত্নী ।

ধেমাজিত দহ দিনেই সন্ধানহীন চালক

ৰহস্যজনক ভাৱে সন্ধানহীন হৈ থকা বিপুলৰ পৰিয়ালৰ লোকে ইয়াৰ পিছতেই ধেমাজি সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও ওলোৱা নাই তেওঁৰ সন্ধান (Fir lodged at Dhemaji Sadar police station)৷ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, যোৱা 23 নবেম্বৰৰ পুৱা AS22H2356 নম্বৰৰ গাড়ীখন লৈ ভাড়া মাৰিবলৈ গৈছিল বিপুল । নিশা ঘৰলৈ উভতিবৰ সময়তো পৰিয়ালৰ লগত ফোনত যোগাযোগ হৈছিল । কিন্তু পৰিয়ালৰ লগত ফোনত অন্তিমবাৰ যোগাযোগ কৰাৰ কিছুসময়ৰ পিছতেই ফোনৰ সৈতে সংযোগ বিচ্ছিন্ন হয়।

ইপিনে,ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী বিপুলৰ উৱাদিহ নোপোৱাত পৰিয়ালটো এতিয়া নিৰুপায় হৈ পৰিছে ৷ সেয়ে কোনো ব্যক্তিয়ে বিপুল বৰগোঁহাই সন্ধান পালে 7099794835 নম্বৰত খবৰ দিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷ আনহাতে,পুত্ৰক বিচাৰি উলিয়াবলৈ আৰক্ষীক অনুৰোধ জনাইছে বিপুলৰ বৃদ্ধা মাতৃয়ে ।

লগতে পঢ়ক:Finance Minister Ajanta Neog review meeting: বাজেট আৱণ্টিত পুঁজিৰ সময়মতে সম্পূৰ্ণ সদ্যৱহাৰ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ বিত্তমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.