ETV Bharat / state

ৰাজ্য চৰকাৰক 11,19,00,000 টকা দাবী কৃষি বিভাগৰ - ধেমাজিৰ কৃষি বিভাগ

বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে ধেমাজিৰ কৃষি বিভাগে চৰকাৰৰ পৰা বিচাৰিছে 11,19,00,000 টকাৰ পেকেজ ৷ এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে জিলা কৃষি বিষয়া ত্ৰিৰংগা ভাৰতী বৰাই ৷

district agriculture office demand flood pakage in dhemaji assam etv bharat news
ধেমাজি কৃষি বিভাগ
author img

By

Published : Nov 1, 2020, 8:22 PM IST

ধেমাজি,1 নৱেম্বৰ : প্ৰতিবছৰ বাৰিষা বানে সংহাৰী ৰূপ ধাৰণ তচ-নচ কৰি আহিছে সমগ্ৰ ৰাজ্যৰ বিস্তীৰ্ণ এলেকা ৷ প্ৰতি বছৰে বানৰ বুকুত জাহ গৈছে ঘৰ-বাৰী, খেতিপথাৰ ৷ ফলত বানত সৰ্বস্বান্তই দিক-বিদিক হেৰুৱাই পেলাইছে ৷ বিশেষকৈ এইবেলি বানত ক্ষতিগ্ৰস্ত হৈছে ধেমাজি জিলা ৷

প্ৰাপ্ত তথ্য অনুসৰি, জিলা কৃষি বিভাগ আৰু ৰাজহ বিভাগৰ অধীনত চলোৱা জৰীপৰ ভিত্তিত এইবাৰ বানে ধেমাজি ৰাজহ চক্ৰত 4,682 হেক্টৰ, গোগামুখ ৰাজহ চক্ৰত 12,500 হেক্টৰ, চিচিবৰগাঁও ৰাজহ চক্ৰত 3,216 হেক্টৰ আৰু জোনাই ৰাজহ চক্ৰত 8,200 হেক্টৰ ভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ সেয়ে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পৰ্যায়ক্ৰমে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে ধেমাজি জিলা কৃষি বিভাগে প্ৰায় 11 কোটি 19 লাখ টকাৰ পেকেজৰ দাবী জনাইছে ৰাজ্য চৰকাৰৰ ওচৰত ৷ এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে জিলা কৃষি বিষয়াগৰাকীয়ে ৷ তদুপৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ তালিকা শুদ্ধকৈ আৰু প্ৰকৃত হিতাধিকাৰীক তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ বিভাগীয় বিষয়াক আহ্বান জনাইছে জিলা কৃষি বিষয়া ত্ৰিৰংগা ভাৰতী বৰাই ৷

লগতে চাওকঃ ভক্তৰ বাবে মুকলি হ'ল গণেশগুৰিৰ গণেশ মন্দিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.