ETV Bharat / state

স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিলে ধেমাজিৰ বেতনবঞ্চিত শিক্ষকে

author img

By

Published : Dec 7, 2020, 2:12 PM IST

সৰিয়হ খেতিৰে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে পশ্চিম ধেমাজিৰ প্ৰদীপ খাটনিয়াৰ নামৰ এগৰাকী বিনা বেতনে অৱসৰ লোৱা আদৰ্শ শিক্ষকে ৷ জীয়াঢলে বালি পেলোৱা পশ্চিম ধেমাজিৰ ঘুগুহাৰ পেহিয়তী পথাৰৰ প্ৰায় 30বিঘা মাটিত ৰবি শস্যৰ খেতিত ব্ৰতী হৈছে প্ৰদীপ খাটনিয়াৰ ৷

dhemajis-unpaid-teacher-showed-his-self-determination
স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিলে ধেমাজিৰ বেতনবঞ্চিত শিক্ষকে

ধেমাজি,7 নৱেম্বৰঃ সৰিয়হ খেতিৰে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে পশ্চিম ধেমাজিৰ প্ৰদীপ খাটনিয়াৰ নামৰ এগৰাকী বিনা বেতনে অৱসৰ লোৱা আদৰ্শ শিক্ষকে ৷ 22 টা বছৰেই বিনা বেতনে জ্ঞানৰ জ্যোতি বিলাই নিজৰ লগতে পৰিয়ালৰ লোকে ভৱিষ্যত অন্ধকাৰলৈ গতি কৰাৰ সময়ত কৃষি কৰ্মক সাৰথি কৰি লোৱা শিক্ষকগৰাকীৰ জীৱনলৈ ৰবি শস্যৰ খেতিয়ে কঢ়িয়াই আনিছে প্ৰাপ্তিৰ হাঁহি ৷ জীয়াঢলে বালি পেলোৱা পশ্চিম ধেমাজিৰ ঘুগুহাৰ পেহিয়তী পথাৰৰ প্ৰায় 30 বিঘা মাটিত ৰবি শস্যৰ খেতিত ব্ৰতী হৈছে প্ৰদীপ খাটনিয়াৰ ৷ হতাশাত ভাঙি নপৰি অশেষ কষ্টৰে নিজকে নিয়োজিত কৰাৰ লগতে আন দহজন নিবনুৱাক দেখুৱাইছে স্ব-নিয়োজনৰ পথ ৷

জানিব পৰা মতে, পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ পেহীয়তী গাঁৱৰ প্ৰদীপ খাটনিয়াৰে আনৰ পৰা টকা ধাৰে লৈ ৩০ বিঘা মাটিত কৰিছে সৰিয়হ, আলুৰ লগতে ৰঙালাও খেতি ৷ ইপিনে, ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ স্বত্তেও লাভ কৰা নাই কোনোধৰণৰ সহায়-সহযোগিতা ৷ আদৰ্শ শিক্ষক তথা কৃষকগৰাকীৰ কৰ্মদ্যোমৰ প্ৰতি অনুপ্ৰাণিত হৈ তেওঁৰ কৃষিকৰ্মত সহযোগ কৰিছে ধনটি চেতিয়া নামৰ এগৰাকী লোকে ৷ আনহাতে, আনলৈ বাট নাচায় হাজাৰ ধুমুহা আৰু বিপৰ্যয়কো নেওচি কৃষি কৰ্মত জড়িত হৈ পৰা প্ৰদীপ খাটনিয়াৰ নিঃসন্দেহে প্ৰশংসাৰ যোগ্য ৷

লগতে পঢ়কঃ বিশ্বনাথত মাছমৰীয়াক আটক কৰাক লৈ সৰৱ জিলা প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.