ETV Bharat / state

মাইক্ৰফাইনান্সৰ বিৰুদ্ধে সহস্ৰাধিক মহিলাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 5, 2020, 5:43 PM IST

ধেমাজি জিলা সন্মিলিত জাগ্ৰত নাৰী শক্তিৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী সমদলত ধেমাজি , জোনাই , বৰদলনি , মাছখোৱা , চিচিবৰগাঁৱৰ লগতে লক্ষীমপুৰ জিলাৰ বগী নদীৰ অঞ্চলৰ পৰাও ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে ।

মহিলাৰ উত্তাল প্ৰতিবাদ
মহিলাৰ উত্তাল প্ৰতিবাদ

ধেমাজি ,৫ মাৰ্চ : মাইক্ৰফাইনান্সৰ বিৰোধীতাৰে এইবাৰ ধেমাজিত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মহিলা । হাতে হাতে বেনাৰ , প্লে কাৰ্ড লৈ উদাত্ত শ্লগানেৰে 5 সহস্ৰাধিক মহিলাই বৃহস্পতিবাৰে জিলাখনৰ ৰাজপথ উত্তাল কৰি তোলে । ধেমাজি জিলা সন্মিলিত জাগ্ৰত নাৰী শক্তিৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী সমদলত ধেমাজি , জোনাই , বৰদলনি , মাছখোৱা , চিচিবৰগাঁৱৰ লগতে লক্ষীমপুৰ জিলাৰ বগী নদীৰ অঞ্চলৰ পৰাও ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে । বিশাল ৰেলীৰ পাছতেই ধেমাজি কাছাৰী ময়দানত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।

মহিলাৰ উত্তাল প্ৰতিবাদ
মহিলাৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে মাইক্ৰফাইনান্সৰ কৰালগ্ৰাসত পৰি ধেমাজি গ্ৰামাঞ্চলৰ মহিলাসকল সৰ্বস্বান্ত হৈ দিশহাৰা হবলগীয়া হৈছে । তথ্য অনুসৰি চলিত বছৰতে মাইক্ৰফাইনান্সৰ ধাৰৰ ফলত ধেমাজিত 7 গৰাকী মহিলাই আত্মহননৰ পথ বাছি লোৱাৰ লগতে 14 গৰাকী মহিলাই ঘৰ এৰি গুচি যায় ৷ ইয়াৰোপৰি কেইবাগৰাকী মহিলা পাৰিবাৰিক কন্দলৰ বলি হোৱা বুলিও প্ৰতিবাদকাৰী মহিলাসকলে জানিবলৈ দিয়ে।

মহিলাৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়কঃ দিল্লীস্থিত বাসগৃহৰ ভিতৰত নিজক আৱদ্ধ কৰিলে চীনা নাগৰিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.