এইবাৰ পা্ব’তী অথবা লক্ষ্মী নহয় স্বয়ং ভগৱান আহি স্থিতি লৈছে মহিলাৰ দেহত ৷ সমগ্ৰ পৃথিবীত এগৰাকী মহিলা বিচাৰি বিচাৰি অৱশেষত ভগৱানে বিচাৰি পালে হেনো এইগৰাকী মহিলাক ৷ সেয়ে নিতৌ ভগৱান ৰূপী মহিলাৰ সাক্ষাৎ বিচাৰি ভিৰ কৰিছে বিভিন্ন জনে ৷পুৱা - গধূলি মহিলাগৰাকীৰ চোতালৰ এটা কোনৰ মুকলি গৃহত চলিছে ধূপ চাকি নৈবদ্যৰে সেৱা প্ৰাৰ্থনা আদি ৷ কাৰন যিকোনো বেমাৰ ব্যাধি ভাল কৰিব পাৰে মহিলাগৰাকীয়ে ৷ ধেমাজি জিলাৰ বৰদলনি আৰক্ষী চকীৰ অন্তগৰ্ত ন- নদীৰ ভেবেলীত ঘৰ মহিলাগৰাকীৰ ৷ পথৰ দাঁতিৰ পৰা চোতালৈকে বিভিন্ন প্ৰান্তৰ পৰা আহি ভিৰ কৰিছে শ শ লোকে ৷ ইতিমধ্যে এই মহিলাগৰাকীৰ কাষ চাপিছে বহু পুৰুষ মহিলাই | বিষ, সন্তানহীনতা আদিকে কৰি সকলো ভাল কৰিব পাৰে কলিযুগৰ স্বয়ম্ভূ ভগৱান ৰূপী মহিলাগৰাকীয়ে ৷ অৱশ্যে ভগৱানৰ কাষচপা যিকোনো লোকে প্ৰথমে কৰিব লাগিব পঞ্জীয়নচাওক এই প্ৰতিবেদনধেমাজিত স্বয়ম্ভূ ভগৱান ৰূপী মহিলাৰ সাক্ষাৎ বিচাৰি শ শ লোকৰ ভিৰ