ETV Bharat / state

ধেমাজিত স্কুটী বিতৰন কৰিলে মন্ত্ৰী নৱ কুমাৰ দলেই - সাংসদ প্ৰদান বৰুৱা

অসম চৰকাৰৰ "প্ৰজ্ঞান ভাৰতী আঁচনিৰ" অধীনত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ধেমাজিৰ মেধাৱী ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত ড° বাণীকান্ত কাকতি মেধাবী বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ কৰা হয় ৷

dhemaji scooty distribution
ধেমাজিত স্কুটী বিতৰন কৰিলে মন্ত্ৰী নৱ কুমাৰ দলে
author img

By

Published : Jan 6, 2021, 5:14 PM IST

ধেমাজি,6 জানুৱাৰী: ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ চৌহদত অসম চৰকাৰৰ "প্ৰজ্ঞান ভাৰতী আঁচনিৰ" অধীনত, ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ মেধাৱী ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত ড° বাণীকান্ত কাকতি মেধাবী বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ কৰা হয় ৷ বন্তিপ্ৰজ্বলনেৰে আৰম্ভ কৰা এই কাৰ্যসূচীত আদৰণি ভাষন আগবঢ়াই মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল গগৈয়ে ৷

dhemaji scooty distribution
ধেমাজিত স্কুটী বিতৰন কৰিলে মন্ত্ৰী নৱ কুমাৰ দলে

সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে মেধাবী ছাত্ৰীসকলৰ উদ্দেশ্য শুভেচ্ছামূলক ভাষন আগবঢ়োৱাৰ পিছতেই মন্ত্ৰী নৱ দলেই প্ৰতিযোগিতাৰ সময়ত দায়িত্বসহকাৰে আগবাঢ়ি গৈ মানৱ সম্পদলৈ পৰিণত হৈ পিছপৰা জিলাখনৰ বাব ভৱিষ্যতে কাম কৰিবলৈ ছাত্ৰী সকলক আহ্বান জনায় ৷ জিলাখনৰ মুঠ ৪৪৬ গৰাকী ছাত্ৰী ভিতৰত আনুষ্ঠানিকভাৱে পাঁচগৰাকী ছাত্ৰীৰ মাজত মন্ত্ৰীগৰাকীয়ে স্কুটী বিতৰণ কৰে ৷

লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অৰূপ কুমাৰ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.