ETV Bharat / state

মৃত ব্যক্তিক জীৱিত সজালে ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ে - লুকুমনি গগৈ

২২ বছৰ পূৰ্বে মৃত্যু হোৱা এজন ব্যক্তিক ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ে সজালে জীৱিত ৷ ঘটনাৰ বাবে ৰুজু হৈছে গোচৰ ৷

মৃত ব্যক্তিক জীৱিত সজালে ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ে
author img

By

Published : Aug 11, 2019, 2:55 PM IST

ধেমাজি 11 আগষ্ট : ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি ৷ ২২ বছৰ পূৰ্বে মৃত্যু হোৱা এজন ব্যক্তিক ২০১৪ চনত জাল চহীৰে পুনৰ জীৱিত কৰি তুলিছে দুৰ্নীতিৰ বোকাত নিমজ্জিত ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়টোয়ে৷ এই সমস্ত কেলেংকাৰী ঘটনা পোহৰলৈ আহিছে লুকুমনি গগৈ নামৰ এজন লোকৰ তথ্য জনা অধিকাৰ আইনৰ সহায়ত । লোকজনৰ অভিযোগ ধেমাজি মৌজাৰ ২ নং ধেমাজি ব্লক মানচিত্ৰৰ ৩৫ নং ম্যাদী পটা ৪৫ নং দাগৰ এবিঘা মাটি ভদ্ৰেশ্বৰ চমুৱা , প্ৰয়াত টংক বকল , আৰু অনুপমা গোহাঁই নামত হৈ আছিল নামজাৰী ৷ কিন্তু কাৰ্যালযটোৰ এচাম দুৰ্নীতিগ্ৰস্থ কৰ্মচাৰীৰ সহযোগত চহী জালিয়াতি কৰি অভিজিত চুতীয়া নামৰ লোকজনে মাটিখিনি ক্ৰয় কৰাৰ চেষ্টা চলাই ৷

মৃত ব্যক্তিক জীৱিত সজালে ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ে

ইতিমধ্যে সম্পত্তি চূড়ান্ত জালিয়াতিৰে বিক্ৰী কৰিব বিচৰা অভিজিত চুতীয়া , স্বৰ্ণ দিহিঙীয়া , সাক্ষী ভূৱন দিহিঙীয়া , কাননগো ৰমেন বুঢ়াগোহাঁই , মণ্ডল ভোলা তামুলী , আৰু গোবিন শইকীয়াৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ । কিন্তু গোচৰ নং 305/2019 ভাৰতীয় দণ্ডবিধি আইনৰ 12/b/419/420/468/471 নম্বৰৰ ধাৰাত জামিনবিহীন গোচৰ ৰুজু হৈছে ৷ কিন্তু আৰক্ষীয়ে বৰ্তমানেও কৰায়ত্ত কৰা নাই অভিযুক্তসকলক ৷

Intro: মৃত ব্যক্তিক জীৱিত সজাই চহী জালিয়াতিৰ বৃহৎ কেলেংকাৰী ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়ৰ

Body: মৃত ব্যক্তিক জীৱিত সজাই চহী জালিয়াতিৰ বৃহৎ কেলেংকাৰী ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়ৰ ।

ধেমাজি : চহী জালিয়াতিৰ এক বৃহৎ কেলেংকাৰীয়ে জোকাৰিছে ধেমাজি চক্ৰ বিষয়া কাৰ্যালয় । ধেমাজি জিলাৰ দুনীতিগ্ৰস্ত চৰকাৰী কাৰ্যালয়ৰ ভিতৰত অন্যতম দুনীতিৰ ভূ স্বৰ্গ কাৰ্যালয়লৈ পৰিণত হৈছে ধেমাজি চক্ৰ বিষয়া কাৰ্যালয় ।আপুনি শুনি আচৰিত হব যে ২২ বছৰ পূৰ্বে মৃত্যু হোৱা ব্যক্তি এজনক ২০১৪ চনত পুণৰ জীৱিত কৰি তুলিছে দুৰ্নীতিৰ বোকাত নিমজ্জিত এই কাৰ্য়ালয়টোৱে । তাকো নটাৰীত চহী দি আনক মাটি হস্তান্তৰ কৰিব লৈহে ।হয় , প্ৰকৃততে ধেমাজি ৰাজহ চক্ৰ বিষয়া ৰ কাৰ্যালয়ত আনৰ মাটি আন কাৰোবাক বিক্ৰী কৰাৰ দুৰ অভিসন্ধি মণ্ডল - কাননগোৰ । জাল চহী ভুৱা তথ্য পাতি প্ৰস্তুত কৰাৰ বাবে চলে গোপন কৌশল ।
লক্ষনীয়ভাৱে এই কামত সোমাই পৰিছিল নটাৰী বিভাগো ।এই সমস্ত কেলেংকাৰী ঘটনা পোহৰলৈ আনে লুকুমনি গগৈ নামৰ এজন লোকে তথ্য জনা অধিকাৰ আইনৰ সহায়ত ।

লোকজনৰ অভিযোগ মতে ধেমাজি মৌজাৰ ২ নং ধেমাজি ব্লক মানচিত্ৰৰ ৩৫ নং ম্যাদী পটা ৪৫ নং দাগৰ এবিঘা মাটি ভদ্ৰেশ্ব ৰ চমুৱা , প্ৰয়াত টংক বকল , আৰু অনুপমা গোহাঁই ৰ নামত হৈ আছিল নামজাৰি । কিন্তু আশ্চৰ্যজনক কথা যে অতি নিখুঁত পৰিকল্পিতভাৱে উক্ত মাটি ধেমাজি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ এচাম ধুৰন্ধৰ কৰ্মচাৰী সহযোগত চহী জালিয়াতি কৰাই অভিজিত চুতীয়া নামৰ লোকজনে মাটিখিনি ক্ৰয় কৰাৰ চেষ্টা চলাই ।

আনফালে টংক বকল নামৰ মাটিৰ গৰাকীৰ চহী জাল কৰা হৈছিল আৰু ২০১৪ চনতে স্বাক্ষৰ কৰা বুলি দেখুওৱা হৈছে প্ৰকৃততে তেওঁৰ ১৯৮৭ চনতে মৃত্যু হৈছে । তদুপৰি আনটো অভিয়োগ মতে বৰ্তমানৰ ডিব্ৰুগড়ৰ বাসিন্দা অনুপমা গোহাঁইক ভুৱাকৈ ধেমাজিৰ গোহাঁই গাঁৱৰ নিবাসী বুলি সজাই অনুপমা গোহাঁইৰ ফটোৰ পৰিৱৰ্তে অন্য এগৰাকী মহিলা ৰ ফটো আৰু স্বাক্ষৰ ব্যৱহাৰ কৰি উপ পঞ্জীয়কৰ কাৰ্যালয়ত জমা দিয়ে ।

Conclusion:
এই মাটি সম্পৰ্কীয় এই বৃহৎ কেলেংকাৰীৰ ঘটনা পোহৰলৈ অনা লোকজন ,হল উক্ত মাটি নামজাৰি হৈ থকা ভদেশ্বৰ চমুৱাৰ নাতি লুকুমনি গগৈ ।গগৈয়ে ইতিমধ্যে ককাদেউতাৰ সম্পত্তি চূড়ান্ত জালিয়াতি ৰে বিক্ৰী কৰিব বিচৰা অভিজিত চুতীয়া , স্বৰ্ণ দিহিঙীয়া , সাক্ষী ভূৱন দিহিঙীয়া , কাননগো ৰমেন বুঢ়াগোহাঁই , মণ্ডল ভোলা তামুলী , আৰু গোবিন শ ইকীয়াৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । গোচৰ নং 305/2019 ভাৰতীয় দণ্ডবিধি আইনৰ 12/b/419/420/468/471 নম্বৰৰ ধাৰাত জামিনবিহীন গোচৰ ৰুজু হোৱাৰ পিছতো অভিযুক্তসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে। প্ৰশ্ন হৈছে আইনৰ সুৰুঙাৰে সাৰি যাব নেকি এই অভিযুক্তসকল ।

byte..1.complainer

Pradunya Bharali , Dhemaji , Assam, 10/8/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.