ধেমাজি, ২০ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ধেমাজিতো জিলা পৰিবহণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন কৰা হৈছে । দেশত যোৱা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ অহা ১৭ ফ্ৰেব্ৰুৱাৰীলৈ চলিব । ধেমাজিত বুধবাৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া জিলাভিত্তিক কাৰ্যসূচীৰ উদ্বোধন কৰা হয় । ধেমাজি ষ্টেডিয়ামত অনুষ্ঠিত সভাত জিলাভিত্তিক কাৰ্যসূচী উদ্বোধন কৰে ধেমাজি জিলা উন্নয়ন আয়ুক্ত দীপাংকৰ দাসে ৷
জিলা পৰিবহণ বিষয়াই আতঁ ধৰা অনুষ্ঠানটোত পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণে আৰু ছাত্ৰ-ছাত্ৰীয়ে পালন কৰিবলগীয়া নীতি-নিয়মৰ ওপৰত ধেমাজি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোণোৱাল, জিলা উন্নয়ন আয়ুক্ত দীপাংকৰ দাস, ধেমাজি প্ৰেছ ক্লাৱৰ সম্পাদক হৰেন্দ্ৰনাথ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত জিলা পৰিবহণ বিষয়া মইনুৰদ্দিন আহমেদে পথ সুৰক্ষা বিষয়ক শপত বাক্য পাঠ কৰোৱায় ।
ধেমাজি ষ্টেডিয়ামৰ পৰা ধেমাজি নগৰলৈ এক বিশাল সজাগতামূলক সমদলো উলিওৱা হয় ৷ এই সময়ছোৱাত জিলা সদৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ছীট বেল্ট ব্যৱহাৰ নকৰাকৈ বাহন চলোৱা একাংশ লোকক চকলেট প্ৰদান কৰি ছীট বেল্ট ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাই দিয়ে । লগতে হেলমেট পৰিধান নকৰা একাংশ লোকক গোলাপ ফুল দি পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিবলৈ প্ৰয়াস কৰে জিলা পৰিবহণ বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক:ভূমি পট্টা দি নিজৰ ব্যৰ্থতা ঢাকিব খুজিছে চৰকাৰে : লুৰিণ জ্যোতি গগৈ