ধেমাজি, ১৭ মে': প্ৰসিদ্ধ সাহিত্যিক, অসমৰ সাহিত্য আৰু সাংবাদিকতাৰ জগতৰ মহীৰূহ স্বৰূপ হোমেন বৰগোহাঞিৰ বিয়োগে সমগ্ৰ ৰাজ্যবাসীকে শোকস্তব্ধ কৰিছে । সোমবাৰে ধেমাজি প্ৰেছ ক্লাবৰ সদস্যসকলে গভীৰ শোকপ্ৰকাশ কৰে । অসমৰ জাতীয় জীৱনৰ অভিভাৱকস্বৰূপ সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি ধেমাজি প্ৰেছ ক্লাবত এখন শোক সভা অনুষ্ঠিত কৰা হয় ৷
ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি প্ৰেছ ক্লাবৰ সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মাই ৷ সভাত ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি অশ্বিনী কুমাৰ দুৱাৰা, কাৰ্যকৰী সভাপতি অতুল কুমাৰ চমুৱা, জিলা সাংবাদিক সন্থাৰ সম্পাদক ভাস্কৰ সভাপণ্ডিত প্ৰমুখ্যে সংবাদ কৰ্মীসকল উপস্থিত থাকে ।
সভাত ধেমাজি প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰদুম্ন্য ভঁৰালী, সদস্য মনবিকাশ বৰগোহাঁই, বিৰিঞ্চি দত্ত প্ৰমুখ্যে সংবাদ কৰ্মীসকলো উপস্থিত থাকে ৷ সভাৰ অন্তত প্ৰয়াত সাহিত্যিকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ শোকপ্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
লগতে পঢ়ক:কোকৰাঝাৰত সাংবাদিকৰ মাজত ছেনিটাইজাৰ-মাস্ক বিতৰণ