ধেমাজি, 7 ছেপ্টেম্বৰ: ধেমাজি সদৰ আৰক্ষীৰ বৃহৎ সফলতা । ধাৰাবাহিক অভিযানৰ মাজতে বুধবাৰে পুনৰ উদ্ধাৰ কৰিলে ১৬ খনকৈ চুৰি বাইক ৷ এই পৰ্যন্ত ধেমাজি আৰক্ষীয়ে উদ্ধাৰ কৰিছে ২৮ খন চুৰি হোৱা বাইক(Stolen bike rescued in Dhemaji)৷
বুধবাৰে উদ্ধাৰ হোৱা মটৰ চাইকেলৰ ভিতৰত তিনিখন ৰয়েল এনফিল্ড, য়ামাহা R15 দুখন, হিৰো গ্লেমাৰ ১৫ খন, হিৰো স্প্লেণ্ডাৰ 5 খন, হিৰো পেছন এখন আৰু স্কুটি দুখন ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ধেমাজি আৰক্ষীয়ে 9 খন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে বাইক চুৰি চক্ৰটোৰ লগত জড়িত দহজন লোকক আটক কৰিছিল (Bike thief in Dhemaji)৷
চুৰি বাইকসমূহ ডিব্ৰুগড়, লখিমপুৰ আৰু ধেমাজি জিলাৰ বুলি জানিব পৰা গৈছে ৷ ইপিনে বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিলে আৰু অধিক বাইক উদ্ধাৰ হোৱা সম্ভাৱনা আছে বুলি মন্তব্য কৰিলে ধেমাজি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ শৰ্মাই (Dhemaji police station OC)৷
লগতে পঢ়ক: পোহৰলৈ আহিছে নগাঁও চিভিলৰ শিশু বিক্ৰীৰ ভয়ংকৰ তথ্য