ETV Bharat / state

আন্ধাৰৰ মাজতো পোহৰৰ বাট দেখুওৱা এজন শিল্পী... - শিল্পী

বাৰ্ধক্য আৰু দৃষ্টিহীনতাই হাৰ মনাব নোৱাৰা 67 বছৰীয়া বংশীধৰ বসুমতাৰী নামৰ এইজন শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে লোকবাদ্যৰ বিভিন্ন সুৰ

আন্ধাৰৰ মাজত পোহৰৰ বাট বোলা এজন বিশেষ শিল্পী
author img

By

Published : Jun 10, 2019, 3:00 PM IST

Updated : Jun 10, 2019, 3:10 PM IST

ধেমাজি,১০ জুনঃ এগৰাকী দৃষ্টিহীন লোক শিল্পী,নাম বংশীধৰ বসুমতাৰী। শিল্পীগৰাকীৰ হাতত পৰশত সুৰ নিগৰি আহে বীণ,বাঁহী,ঢোল,হাৰমনিয়ামৰ পৰা আৰম্ভ কৰি সকলো বাদ্যযন্ত্ৰই বজাব জানে তেওঁ ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

আন্ধাৰৰ মাজত পোহৰৰ বাট বোলা এজন বিশেষ শিল্পী

ধেমাজি,১০ জুনঃ এগৰাকী দৃষ্টিহীন লোক শিল্পী,নাম বংশীধৰ বসুমতাৰী। শিল্পীগৰাকীৰ হাতত পৰশত সুৰ নিগৰি আহে বীণ,বাঁহী,ঢোল,হাৰমনিয়ামৰ পৰা আৰম্ভ কৰি সকলো বাদ্যযন্ত্ৰই বজাব জানে তেওঁ ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

আন্ধাৰৰ মাজত পোহৰৰ বাট বোলা এজন বিশেষ শিল্পী
Intro:ৰজাঘৰীয়া পৰা অৱহেলিত ধেমাজিৰ এগৰাকী দৃষ্টিহীন লোক শিল্পী বংশীধৰ বসুমতাৰী ।


Body:ধেমাজি , 10 জুন‌:
, এগৰাকী দৃষ্টিহীন লোক শিল্পী । নাম :: বংশীধৰ বসুমতাৰী । বৰ্তমান বাৰ্ধক্য আৰু দৃষ্টিহীনতাই ও হাৰ মনাব নোৱাৰা 67 বছৰীয়া বংশীধৰ বসুমতাৰীয়ে এতিয়াও হাৰমণিয়ামত আঙুলি বুলাই অনগলভাৱে গাই।যাব পাৰে বিভিন্ন কালজয়ী গীতসমূহ । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্মৰাজি আদৰ্শৰ প্ৰতি উদ্বুদ্ধ হৈ পৰা ্,এটি বিৰল ব্যক্তিসত্বা এইগৰাকী শিল্পীৰ ঘৰ ধেমাজি জিলাৰ গোগামুখৰ ওখমাটি মিংমাং গাওঁ পঞ্চায়তৰ চুতীয়াপাৰা বড়ো গাঁৱত ।এতিয়াও
তেওঁৰ ঘৰত সযতনে থোৱা
বাহীৰ আৰু বীনখনিতো লোক গীতৰ মায়াময় সুৰ ঢালি দিব পাৰে । ,,৭০ --৮০ দৰ্শকৰ সময়ছোৱাত নাট্যকাৰ হিচাপে বহুকেইখন নাটক ৰচনা কৰাৰ উপৰিও বিভিন্ন অনুষ্ঠানত
লোক বাদ্য যন্ত্ৰ নিজে পৰিবেশন কৰি কণ্ঠদান কৰিছিল । উজলি উঠিছিল বিভিন্ন বিপ্লৱী আৰু জাতি --মাটি সমন্বয়ৰ গীতত ।
একেলগে আগবাঢ়ি যাও::::::::

জয় আই অসম :::::::ইত্যাদি ।

byte....1...old artist

অসমীয়া আৰু বড়ো উভয় ভাষাতেই ওৰেটো জীৱন সমন্বয় আৰু লোক কৃষ্টি সংস্কৃতি বৰঘৰটি ক উদ্ভাসিত কৰি কীৰ্তি ৰাখি থৈ যোৱা শিল্পীগৰাকীয়ে বড়ো ভাষাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ থকাৰ সময়ছোৱাতে দুৰ্ভাগ্যবশত চকুযুৰি কাঢ়ি লৈ যায় থিয়েটাৰ তীব্ৰ লাইটৰ পোহৰে ।
উল্লেখ্য যে
স্কলীয়া দিনৰে পৰা শিল্পীগৰাকীয়ে আৰম্ভ কৰিছিল সংগীত ,নাট্যৰ এই বৰ্ণিল যাত্ৰা ।


byte......2...old artist

বৰ্তমান কণাৰ লাখুটি পুত্ৰ - বোৱাৰীৰ সহযোগিতাত শিল্পীগৰাকীয়ে আজি পৰ্যন্ত অব্যাহত ৰাখিছে লোকবাদ্য আৰু লোক সংগীতৰ চৰ্চা । কিন্তু পৰিতাপৰ বিষয় যে স্থানীয় বিভিন্ন দল- সংগঠনে বিভিন্ন সময়ত প্ৰদান কৰা কেইখনমান সম্বৰ্ধনা পত্ৰ বাহিৰে আজিকোপতি ৰজাঘৰীয়া সু দৃষ্টি নপৰিল । অনিয়মীয়াকৈ লাভ কৰি অহা বৃদ্ধ পেঞ্চন টকাকেইটা বাহিৰে শিল্পী পেঞ্চনৰ পৰাও নি্লগত আছে শিল্পীগৰাকী ।



byte.....son


হয় , শান্তি , সম্প্ৰীতি , সমন্বয় একতাৰ প্ৰতীক , বিপ্লৱী প্ৰচাৰ বিমুখ দৃষ্টিহীন লোক শিল্পী বংশীধৰ বসুমতাৰী এক জলন্ত আদৰ্শ ।

তেওঁ আৰু আগবাঢ়ি যাওঁক । ই টি ভি ফালৰ পৰাও শিল্পীগৰাকীক সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।


Pradunya Bharali , Dhemaji , Assam , 10/6/2019


Conclusion:
Last Updated : Jun 10, 2019, 3:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.