ধেমাজি,২৬ মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত বিশেষকৈ নতুন ভোটাৰসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে একাংশ জিলাৰ প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । কিন্তু অসমৰ এখন জিলাৰ প্ৰশাসনৰ ব্য়তিক্ৰমী পদক্ষেপ । ভোটদান কৰি নিজৰ ছেল্ফি প্ৰেৰণ কৰি ভাগ্যৱান এজনে হ'ব পাৰিব জিলাখনৰ এগৰাকী সহকাৰী আয়ুক্ত । আচৰিত যেন লাগিলেও এই ঘোষণা কৰিছে ধেমাজি জিলা প্ৰশাসনে ।
নতুন ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে এই ব্যতিক্ৰমী পদক্ষেপ লৈছে ধেমাজি জিলা প্ৰশাসনে । জিলাখনৰ উপায়ুক্ত ড০ জীৱন বিয়ে জনোৱা মতে ১৮ ৰ পৰা ৩০ বছৰ বয়সৰ ভোটাৰৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে । ২৭ মাৰ্চত ভোটাধিকাৰ সাব্যস্ত কৰি ভোটকেন্দ্ৰৰ সন্মুখত আঙুলিত দিয়া চিয়াঁহী দেখুৱাই ছেল্ফি তুলিব লাগিব আৰু সেই ফটো নিজৰ ফেচবুক একাউণ্টত আপলোড কৰিব লাগিব ।
তাৰ পিছত ধেমাজি জিলা উপায়ুক্তৰ পেজত সেই ফটো টেগ কৰিব লাগিব । ফটোসমূহৰ ভিতৰত লটাৰীযোগে এগৰাকীক নিৰ্বাচিত কৰা হ'ব আৰু এদিনৰ বাবে ধেমাজি জিলাৰ এগৰাকী সহকাৰী আয়ুক্ত হোৱাৰ সুযোগ দিয়া হ'ব ।
লগতে পঢ়ক:নিৰ্বাচনী হিংসা: দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে চিপিআই(এম)ৰ কাৰ্যালয়