ধেমাজি,20 মে’: বুধবাৰে ধেমাজিৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে নৱনিযুক্ত জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷ যোগদান কৰাৰ পাচতেই জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ জৰিয়তে জিলাখনৰ সকলো লোককে শুভেচ্ছা জনায় উপায়ুক্ত গৰাকীয়ে ৷ পৰৱৰ্তী দিনত জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷
লগতে তেওঁ কয় যে, বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ ধেমাজি জিলাৰ সকলো লোকৰ সহযোগিতাত ক’ভিড তথা বানৰ দৰে দুৰ্যোগ হেলাৰঙে পাৰ কৰিব পাৰিব ৷ ইফালে দায়িত্বভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনটোতে উপায়ুক্তগৰাকীয়ে জিলা প্ৰশাসনৰ অন্যান্য বিষয়-ববীয়াসকলৰ সৈতে জিলাখনৰ কাম-কাজ আৰু শেহতীয়া পৰিস্থিতি সম্পৰ্কে বুজ লয় ৷
দিনৰ 12 বজাৰ পৰা 2 বজালৈ উপায়ুক্তগৰাকীৰ সভাপতিত্বত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়-ববীয়াসকলৰ সৈতে ক’ভিড সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ এই সভাতে জিলাখনত ক’ভিড সংক্ৰমণ ৰোধৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে উপায়ুক্ত ভাস্কৰ ৰেড্ডীয়ে ৷
লগতে পঢ়ক : পথালিবামৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন বিধায়ক চক্ৰধৰ গগৈৰ