ETV Bharat / state

ধেমাজিত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত মণ্ডল - ভাষ্কৰ চাংমাই

দীৰ্ঘদিন ধৰি ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ত অবাধ দুৰ্নীতি আৰু অৰাজকতাৰ হৈ থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে শুকুৰবাৰে দহ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে এজন মণ্ডল গ্ৰেপ্তাৰ হোৱা কাৰ্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

dhemaji-mondol-arrest
ধেমাজিত উৎকোচ লৈ দুৰ্নীতিৰ নিবাৰক শাখাৰ জালত মণ্ডল
author img

By

Published : Nov 6, 2020, 7:38 PM IST

ধেমাজি, 6 নৱেম্বৰ: দীৰ্ঘদিন ধৰি ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ত অবাধ দুৰ্নীতি আৰু অৰাজকতা হৈ থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে শুকুৰবাৰে দহ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে এজন মণ্ডল গ্ৰেপ্তাৰ হোৱা কাৰ্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। অভিয়োগ মতে চেতীয়া উপাধিৰ লোকজনে মাটি ম্যাদীকৰণ সম্পৰ্কীয় কামত মণ্ডল ভাস্কৰ চাংমাইৰ কাষ চাপিছিল; কিন্তু কাম আদায় কৰি দিয়াৰ বাবদ মণ্ডলে দাবী কৰিছিল ১২ হাজাৰ টকা । পিছত ১০ হাজাৰ টকাত মান্তি হয় মণ্ডল ভাস্কৰ চাংমাই । পিছে উৎকোচ দি দুনীৰ্তিক পশ্ৰয় দিবলৈ অমান্তি হোৱা লোকজনে দুনীৰ্তি নিবাৰক শাখাৰ কাষ চাপে । দুনীৰ্তি নিবাৰক শাখাৰ পৰিকল্পনা মতেই মণ্ডল ভাস্কৰ চাংমাইয়ে শুকুৰবাৰে কাৰ্যালয়ত উৎকোচ লোৱাৰ অৱস্থাতে দুনীৰ্তি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে ।

ধেমাজিত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত মণ্ডল
ইতিমধ্যে দুনীৰ্তি নিবাৰক শাখাৰ বিষয়া সকলে অনুসন্ধানৰ লগতে মণ্ডল ভাস্কৰ চাংমাইক জেৰা অব্যাহত ৰাখিছে । ইপিনে ঘোচখোৰ মণ্ডলজনক কৰায়ক্ত কৰাৰ বাবে ধেমাজিৰ দল সংগঠনে সন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: ৰঙিয়াত কাগজৰ তাজমহল,ঢকুৱাৰ জাহাজ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.