ETV Bharat / state

ধেমাজিত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান

ধেমাজিত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ প্ৰতিজন প্ৰাৰ্থীৰ বাকযুদ্ধ তুংগত উঠিছে ৷ সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ সভা ৷ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷

author img

By

Published : Mar 17, 2021, 10:11 PM IST

ধেমাজিত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান
ধেমাজিত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান

ধেমাজি,17 মাৰ্চ: সমাগত বিধানসভা নিবাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ সভাসমূহ ৷ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ তাৰ মাজতে প্ৰতিটো ৰাজনৈতিক দলে ১১৩ নং ধেমাজি বিধানসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ বুধবাৰে ধেমাজি বাটঘৰীয়া আৰু নৰোৱাথান পঞ্চায়তৰ বিভিন্ন স্থানত কেইবাখনো সৰু সৰু সভাত তৃণমূল কৰ্মীৰ সৈতে অংশ গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ বিজেপি দুয়োটাদলকে কঠোৰ ভাষাৰে সমালোচনা কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ প্ৰয়াস চলায় ৷ নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, ধেমাজি সমষ্টিত নৰেন্দ্ৰ মোডী অথবা সৰ্বা-হিমন্ত দহবাৰ আহিলেও জাতীয়তাবাদৰ ভেটি ধেমাজি সমষ্টিত জাতীয় পৰিষদৰ প্ৰাৰ্থীক ধেমাজিবাসীয়ে বিপুল ভোটত জয়ী কৰাব বুলি দাবী কৰে ৷

সমান্তৰালভাৱে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোণোৱালে মাছখোৱা মণ্ডলৰ চাৰিটাকৈ পঞ্চায়তত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে কেইবাখনো প্ৰচাৰ সভাত অংশলয় ৷ চিচিমুখ পঞ্চায়তৰ নিৰ্বাচনী সভাত অংশ লৈ বিজেপি দলৰ চৰকাৰখনৰ কাম কাজক ক্ষুৰধাৰ সমালোচনা কৰে ৷ আগন্তুক নিৰ্বাচনত অসমবাসীয়ে বিজেপিক ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই দি বাংলাদেশলৈ প্ৰেৰণ কৰিব ৷ CAA ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্হাপিত কৰিব খোজা বিজেপিয়ে বাংলাদেশতহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

ইপিনে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুৱে ওখমাটি, কচুতলি, ভেবেলি পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৷ প্ৰাৰ্থীগৰাকীয়ে পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে অসমত তথা ধেমাজি সমষ্টিত উন্নয়নৰ ধাৰাঅনা বুলি ভাষণত উল্লেখ কৰি ৰাইজৰ মন জয় কৰাৰ প্ৰচেষ্টা চলায় ৷ ইপিনে জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰে কাম দিব তথা জনগণে যি উন্নয়ন দেখিছে তাৰ বাবে বিজেপিক ভোটাৰ ৰাইজে আদৰি লব বুলি কয় ৷লগতে পঢ়কঃ ন-কইনাৰ দৰে কংগ্ৰেছে আদৰিছে আজমলক: অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.