জোনাই,20 জুলাই : ধেমাজি জিলাৰ জোনাইত কালৰূপ ধাৰণ কৰিছে চিয়াং নদীৰ খহনীয়াই | জোনাইৰ বেৰাচাপৰিত ইতিমধ্যে চিয়াং নদীৰ খহনীয়াত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী | চিয়াং নদীৰ বানে অলপতে জোনাইৰ ৰাভা কাঠনিত মথাউৰি ছিঙি দিয়াত ৰাভা কাঠনি, সোনোৱাল কাঠনি, চুতীয়া চুক, হাজং বস্তি, উৰাং, মালভোগ আদি কৰি দহখনৰোধিক অঞ্চল সম্পূৰ্ণৰূপে চিয়াঙৰ বুকুত ৷ বৰ্তমান অঞ্চলটো সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ আছে জোনাইৰ সদৰৰ সৈতে ৷ কিন্তু বানপীড়িত গাঁও কেইখনৰ ৰাইজে বাট চাই থকা নাই চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতিলৈ | অঞ্চলটোৰ ৰাইজে নিজৰ দান বৰঙণি তথা শ্ৰম দানেৰে প্ৰায় 15/16 ফুট গভীৰ পানীত মথাউৰিটোৰ ভঙা অংশৰ ওপৰত বাঁহৰে দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা কৰি লৈছে ৷
চিয়াং নদীৰ ধ্বংসলীলাৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ
জোনাই অঞ্চলৰ ৰাইজৰ অতি প্ৰশংসনীয় পদক্ষেপ ৷ চিয়াং নদীৰ বানে জোনাইৰ ৰাভা কাঠনিত মথাউৰি ছিঙি অঞ্চলটোক সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন কৰি দিয়াত অঞ্চলটোৰ ৰাইজে চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি মথাউৰিটোৰ ভঙা অংশৰ ওপৰত নিজে নিৰ্মাণ কৰি লৈছে এখন বাঁহৰ দলং ৷
জোনাই,20 জুলাই : ধেমাজি জিলাৰ জোনাইত কালৰূপ ধাৰণ কৰিছে চিয়াং নদীৰ খহনীয়াই | জোনাইৰ বেৰাচাপৰিত ইতিমধ্যে চিয়াং নদীৰ খহনীয়াত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী | চিয়াং নদীৰ বানে অলপতে জোনাইৰ ৰাভা কাঠনিত মথাউৰি ছিঙি দিয়াত ৰাভা কাঠনি, সোনোৱাল কাঠনি, চুতীয়া চুক, হাজং বস্তি, উৰাং, মালভোগ আদি কৰি দহখনৰোধিক অঞ্চল সম্পূৰ্ণৰূপে চিয়াঙৰ বুকুত ৷ বৰ্তমান অঞ্চলটো সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ আছে জোনাইৰ সদৰৰ সৈতে ৷ কিন্তু বানপীড়িত গাঁও কেইখনৰ ৰাইজে বাট চাই থকা নাই চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতিলৈ | অঞ্চলটোৰ ৰাইজে নিজৰ দান বৰঙণি তথা শ্ৰম দানেৰে প্ৰায় 15/16 ফুট গভীৰ পানীত মথাউৰিটোৰ ভঙা অংশৰ ওপৰত বাঁহৰে দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা কৰি লৈছে ৷
জোনাই ২০ জুলাই
ধেমাজি জিলাৰ জোনাইত কালৰূপ ধাৰণ কৰিছে চিয়াং নদীৰ খহনীয়াই | বানৰ পিছততে পুনৰ বিভীষিকাৰ সৃষ্টি কৰিছে চিয়াং নদীৰ খহনীয়াই | জোনাইৰ বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়াত জাহ গৈছে কেবাটাও পৰিয়ালৰ ঘৰবাৰী | চিয়াং নদীয়ে বানৰ পিছততে সৃষ্টি কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৰ| চকুৰ প্ৰচাৰতে চফৰা চফৰকৈ খহনীয়াই লৈছে মানুহৰ ঘৰ ভেটি | বেৰাচাপৰিৰ বেৰা বেংগলীত কেইবাটাও পৰিয়ালৰ বাসগৃহ চিয়াং নদীৰ খহনীয়াত জাহ গৈ গৃহহাৰা হৈ পৰিছে বহু পৰিয়াল|
ইফালে বেৰা চাপৰি অঞ্চলৰ একমাত্ৰ বেৰা মিলন উচ্চ মাধ্যমিক বিদ্যালয়খনো যিকোনো মুহূৰ্ততে খহনীয়াত জাহ যাব চিয়ঙৰ বুকুত | বিদ্যালয় খনৰ কাষতে থকা মথাউৰিটোলৈ মাজত আৰু কেই ফুট মানহে বাকী চিয়াং নদীলৈ সেইযে অঞ্চলটোৰ বানক্ৰান্ত ৰাইজে মথাউৰি ছিঙাৰ অশংকাত কটাইছে নিশা উজাগৰে|
কৰবী দলে জোনাই Conclusion: