ETV Bharat / state

সাংবাদিকৰ সৈতে মত-বিনিময় ধেমাজি প্ৰশাসনৰ - জনগণৰ হিত

প্ৰায় ২০ জনৰো অধিক সাংবাদিকে অংশ লোৱা অনুষ্ঠানটোত উপায়ুক্তই সাংবাদিকসকলক জনগণৰ হিতৰ বাবে নিৰপেক্ষভাৱে সংবাদসেৱা আগবঢ়াবলৈ আহ্বান জনায় ।

ধেমাজি জিলা প্ৰশাসনৰ সাংবাদিকৰ সৈতে মত-বিনিময়

author img

By

Published : Feb 16, 2021, 2:27 PM IST

ধেমাজি,16 ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে জিলাখনৰ সাংবাদিকসকলৰ সৈতে এক সৌহাদ্যমূলকভাৱে মত বিনিময় কৰে জিলাখনত নতুনকৈ যোগদান কৰা জিলা তথ্য আৰু জনসংযোগ বিষয়া দিব্যজ্যোতি শৰ্মা আৰু জিলা উপায়ুক্ত নৰসিং পাৱাৰে ৷

অনুষ্ঠানত সাংবাদিকসকলৰ সৈতে আনুষ্ঠানিকভাৱে চিনাকী কৰাই দিয়ে উপায়ুক্ত নৰসিং পাৱাৰে । প্ৰায় ২০ জনৰো অধিক সাংবাদিকে অংশ লোৱা অনুষ্ঠানটোত উপায়ুক্তই সাংবাদিকসকলক জনগণৰ হিতৰ বাবে নিৰপেক্ষভাৱে সংবাদসেৱা আগবঢ়াবলৈ আহ্বান জনায় । ইপিনে জিলাখনত এজন পূৰ্ণকালীন জনসংযোগ বিষয়া লাভ কৰাত সন্তুষ্টি ব্যক্ত কৰে সংবাদসেৱীসকলে । অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহযোগ আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়কঃ সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে অসম ভ্ৰমণ যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.