ETV Bharat / state

ধেমাজীৰ 2 নং ভৰালীচুকত লংকা কাণ্ড - প্ৰাথমিক চিকিৎসা

এজন ব্যক্তি নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি ধেমাজিৰ 2 নং ভৰালীচুকত সংঘটিত ভয়ংকৰ ঘটনা ৷ পৰৱৰ্তী সময়ত নিৰুদ্দেশ হৈ থকা লোকজনক জীৱন্তে উদ্ধাৰ ৷

ধেমাজীত 2 নং ভৰালিচুকত লংকা কাণ্ড
ধেমাজীত 2 নং ভৰালিচুকত লংকা কাণ্ড
author img

By

Published : Apr 17, 2021, 10:49 PM IST

ধেমাজি,17 এপ্ৰিল : ৰঙালী বিহুৰ উচাহৰ মাজতে ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত 2নং ভৰালীচুক তথা বালিজান আৰু তুলসীবাৰীত শনিবাৰে পুৱা ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি, শুকুৰবাৰৰ পৰা তুলসীবাৰী গাঁৱৰ ঠগিৰাম বৰা নামৰ এজন যুৱক সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি শনিবাৰে পুৱাৰে পৰা গাঁৱখনত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, শনিবাৰে গাঁৱখনৰ ঠগিৰাম বৰা আৰু বীণাৰাম গগৈৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷

কিন্তু কাজিয়াৰ অন্তত ঠগিৰাম বৰা নিৰুদ্দেশ হয় ৷ ফলত ইয়াক লৈ শনিবাৰে পুৱা সাত বজাৰ পৰা যুৱকজনৰ মৃত্যু হোৱা বুলি উৰাবাতৰি বিয়পে অঞ্চলটোত ৷ উৰা বাতৰিক কেন্দ্ৰ কৰিয়ে পুৱা দুয়োখন গাঁৱৰ উত্তেজিত লোকে বীণাৰাম গগৈৰ বাসগৃহ লণ্ড-ভণ্ড কৰে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে বীণাৰাম গগৈসহ আন তিনিজনক আটক কৰে যদিও একাংশ উত্তেজিত লোকে আৰক্ষীৰ বাধাকো আওকাণ কৰি গগৈৰ বাসগৃহৰ লগতে আন দুটা ঘৰ জ্বলাই দিয়ে ৷

ধেমাজীৰ 2 নং ভৰালীচুকত লংকা কাণ্ড

ইপিনে পৰিস্থিতি চম্ভালি থকাৰ সময়তে সকলোকে আচৰিত কৰি ঘটনাস্থলীৰপৰা 500 মিটাৰ আঁতৰত নিৰুদ্দেশ হৈ থকা ঠগিৰাম বৰাৰ সন্ধান লাভ কৰে আৰক্ষীয়ে ৷ সুস্থ অৱস্থাতে উদ্ধাৰ হোৱা ঠগিৰাম বৰাক আৰক্ষীয়ে চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷ সমগ্ৰ ঘটনাটোত আৰক্ষীৰ কেইবাজনো জোৱান আঘাতপ্ৰাপ্ত হয় ৷ ইতিমধ্যে এই ঘটনা সংক্ৰান্তত ধেমাজি সদৰ আৰক্ষীয়ে 183/2021 আৰু 184/2021 ধাৰাত গোচৰ পঞ্জীয়ন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নাৰায়ণপুৰত গীত গাই বিহু নাচিলে প্ৰশান্ত ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.