ETV Bharat / state

ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ - গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত

ধেমাজি জিলাত মুখ্য়মন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত বাহন বিতৰণ কৰা হয় । ধেমাজি জিলা পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী শুভাৰম্ভ কৰে ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ।

ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ

author img

By

Published : Feb 3, 2021, 6:15 PM IST

ধেমাজি,৩ ফেব্ৰুৱাৰী: ধেমাজি জিলাত বুধবাৰে মুখ্য়মন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত বাহন বিতৰণ কৰা হয় । কাছাৰী ময়দানত গ্ৰামাঞ্চলৰ সূচল যাতায়ত আৰু স্বাৱলম্বনৰ নতুন দিশ হিচাপে বিবেচিত এই আঁচনিৰ অধীনত ১১ গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় বাহনসমূহ । ধেমাজি জিলা পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী শুভাৰম্ভ কৰে ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে । ধেমাজি জিলা পৰিবহণ বিষয়া মইনুৰদ্দিন আহমেদে আতঁ ধৰা অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপাযুক্ত নৰ সিং পাৱাৰ আৰু ধেমাজি জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱাটে ৷

ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ
ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ

উল্লেখ যে ধেমাজি জিলাখনত মুঠ আবেদনকাৰী আছিল ৮৮৯ গৰাকী আৰু ইয়াৰে ২৮০ গৰাকী হিতাধিকাৰীক বাচনি কৰিছে বুলি জনাইছে জিলা পৰিবহণ বিভাগে ৷ হিতাধীকাৰীসকলৰ মাজত বাহন বিতৰণ কৰাৰ লগতে নতুন বাহনৰ চালকৰ আসনত বহি টেষ্ট ড্ৰাইভ কৰে ধেমাজিৰ বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক:লখিমপুৰত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.