ETV Bharat / state

ধেমাজিত দুষ্টচক্ৰৰ ছত্ৰছাঁয়াত অবাধ বন ধ্বংসজজ্ঞ - forest department

ধেমাজিৰ চিমেন চাপৰি-শোৱণশিৰি বনাঞ্চলত খয়ৰ গছ কাটি তহিলং ৷ বগীবিল দলং মুকলি কৰাৰ পিচৰে পৰা বৃদ্ধি পাইছে বনধ্বংস অভিযান ৷ খয়ৰ কাঠৰ ৰমৰমীয়া বেহাৰ কৰিডৰলৈ পৰিণত হৈছে তিনিচুকীয়া চহৰ ৷

ধেমাজিত দুষ্টচক্ৰৰ অবাধ বন ধ্বংসজজ্ঞ; কাণসাৰ নাই বনবিভাগৰ
author img

By

Published : Jun 23, 2019, 8:56 AM IST

জোনাই 23 জুনঃ বগীবিল দলঙৰ ওপৰেৰে যাতায়ত অব্যাহত হোৱাৰ পিচৰে পৰা নদীখনৰ উত্তৰ দক্ষিণ পাৰত গঢ়ি উঠিছে মূল্যবান বনজ সম্পদৰ ৰমৰমীয়া চোৰাং বেহা ৷ ধেমাজিৰ পৰাই এটা প্ৰভাৱশালী দুষ্ট চক্ৰই সৰ্বসাধাৰণ লোকৰ আগত অৰুণাচলক দোহাই দি সমগ্ৰ উত্তৰ অসমতে গঢ়ি তুলিছে মূল্যবান খয়ৰ গছৰ ৰমৰমীয়া চোৰাং বেহা ৷ ধেমাজিৰ সংৰক্ষিত বনাঞ্চলত অবাধ ধ্বংসযজ্ঞৰে চোৰাং বেপাৰীয়ে এফালৰ পৰা কাটি গৈছে খয়ৰ গছ ৷ উজনী অসমৰ তিনচুকীয়া চহৰক ট্ৰেনজিট পইন্ট হিচাপে গঢ়ি খয়ৰ গছ অবৈধ ভাৱে সহবৰাহ হৈছে দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰলৈও ৷ ইপিনে খয়ৰ চোৰাং চক্ৰটোৱে একাংশ স্থানীয় ৰাইজক ব্যৱহাৰ কৰি চোৰাং কাঠৰ ব্যৱসায় চলোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ বিশেষকৈ জিলাখনৰ চিমেন চাপৰি, ডিমৌ দিছমুৰ, মাজৰবাৰী, লিকাবালিৰ গাইনৈ পাৰ, বৰদলনি, জয়ৰামপুৰ অঞ্চলত থকা বনাঞ্চল ধ্বংসত নামি পৰিছে চোৰাং চক্ৰটো ৷

অৱশ্যে ৰাইজৰ খবৰ ভিত্তিত বন বিভাগে মাজে সময়ে চোৰাং বেপাৰীৰ পৰা জব্দ কৰিছে খয়ৰ গছৰ কুণ্ডা ৷ কিন্তু ৰহস্যজনক পৰিস্থিতিত চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে বন আইনৰ অধীনত বিভাগটোৱে ৰুজু কৰা নাই কোনো গোচৰ ৷

জোনাই 23 জুনঃ বগীবিল দলঙৰ ওপৰেৰে যাতায়ত অব্যাহত হোৱাৰ পিচৰে পৰা নদীখনৰ উত্তৰ দক্ষিণ পাৰত গঢ়ি উঠিছে মূল্যবান বনজ সম্পদৰ ৰমৰমীয়া চোৰাং বেহা ৷ ধেমাজিৰ পৰাই এটা প্ৰভাৱশালী দুষ্ট চক্ৰই সৰ্বসাধাৰণ লোকৰ আগত অৰুণাচলক দোহাই দি সমগ্ৰ উত্তৰ অসমতে গঢ়ি তুলিছে মূল্যবান খয়ৰ গছৰ ৰমৰমীয়া চোৰাং বেহা ৷ ধেমাজিৰ সংৰক্ষিত বনাঞ্চলত অবাধ ধ্বংসযজ্ঞৰে চোৰাং বেপাৰীয়ে এফালৰ পৰা কাটি গৈছে খয়ৰ গছ ৷ উজনী অসমৰ তিনচুকীয়া চহৰক ট্ৰেনজিট পইন্ট হিচাপে গঢ়ি খয়ৰ গছ অবৈধ ভাৱে সহবৰাহ হৈছে দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰলৈও ৷ ইপিনে খয়ৰ চোৰাং চক্ৰটোৱে একাংশ স্থানীয় ৰাইজক ব্যৱহাৰ কৰি চোৰাং কাঠৰ ব্যৱসায় চলোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ বিশেষকৈ জিলাখনৰ চিমেন চাপৰি, ডিমৌ দিছমুৰ, মাজৰবাৰী, লিকাবালিৰ গাইনৈ পাৰ, বৰদলনি, জয়ৰামপুৰ অঞ্চলত থকা বনাঞ্চল ধ্বংসত নামি পৰিছে চোৰাং চক্ৰটো ৷

অৱশ্যে ৰাইজৰ খবৰ ভিত্তিত বন বিভাগে মাজে সময়ে চোৰাং বেপাৰীৰ পৰা জব্দ কৰিছে খয়ৰ গছৰ কুণ্ডা ৷ কিন্তু ৰহস্যজনক পৰিস্থিতিত চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে বন আইনৰ অধীনত বিভাগটোৱে ৰুজু কৰা নাই কোনো গোচৰ ৷

Intro:Body:ধেমাজিৰ চিমেন চাপৰি-শোৱণশিৰি বনাঞ্চলত খয়ৰ গছ কাটি তহিলং ৷


বগীবিল দলং মুকলি পিচৰে পৰা  গতিশলীতা বৃদ্ধি ৷


 খয়ৰ কাঠৰ ৰমৰমীয়া বেহাৰ কৰিডৰ তিনিচুকীয়া চহৰ ৷


জোনাই 22 জুনঃ-ব্ৰহ্মপুত্ৰৰ ওপৰত ডিব্ৰুগড় - ধেমাজি জিলাৰ  সংলগ্ন বগীবিল দলঙৰ ওপৰেৰে যাতায়ত অব্যাহত হোৱা পিচৰে পৰা নদীখনৰ উত্তৰ দক্ষিণ পাৰে গঢ়ি উঠিছে মূল্যবান বনজ সম্পদৰ ৰমৰমীয়া চোৱাং বেহা ৷ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ তথা অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ পৰাই এটা প্ৰভাৱশালী দুষ্ট চক্ৰই সৰ্বসাধাৰণ লোকৰ আগত অৰুণাচলক দোহাই দি সমগ্ৰ উত্তৰ অসমতে গঢ়ি তুলিছে শিল বালিৰ ছেণ্ডকেট ৰাজ ৷ ইয়াৰ সামান্তৰালকৈ  আন এটা চক্ৰই গঢ়ি তুলিছে মূল্যবান খয়ৰ গছৰ ৰমৰমীয়া চোৱাং বেহা ৷ধেমাজি জিলাৰ সংৰক্ষিত বনাঞ্চলত অবাধ ধ্বংসযজ্ঞৰে চোৱাং বেপাৰীয়ে এফালৰ পৰা কাটি গৈছে খয়ৰ গছ ৷উজনী অসমৰ তিনচুকীয়া চহৰক ট্ৰেনজিট পইন্ট হিচাপে গঢ়ি খয়ৰ গছ অবৈধ ভাৱে সহবৰাহ হৈছে দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰলৈ ৷খয়ৰ চোৱাং বেপাৰী চক্ৰটোৱে একাংশ স্থানীয় ৰাইজক ব্যৱাহৰ কৰি সমগ্ৰ অঞ্চলতে চলাই গৈছে খয়ৰ কাঠৰ চোৱাং বেহা ৷ এসময়ত তিনিচুকীয়াৰ আশে পাশে মাঘেৰিতা,ডুমডুমা ডিগবৈ আদিতে সীমাবদ্ধ থকা খয়ৰ গছৰ চোৱাং বেহা বৰ্তমান সম্পসাৰণ ঘটিছে সমগ্ৰ উত্তৰ অসম ৷ বিষেশ কৈ ধেমাজি জিলাৰ চিমেন চাপৰি,ডিমৌ দিছমুৰ, মাজৰ বাৰী,লিকাবালিৰ  গাইনৈ পাৰ,বৰদলনি জয়ৰামপুৰ অঞ্চলত থকা বনাঞ্চল ধ্বংসত নামি পৰিছে চোৰাং বেপাৰী চক্ৰটো ৷ধেমাজিৰ চিমেন নৈৰ পাৰত থকা চিমেন চাপৰি ,ডিমৌ দিছমুৰ বালিখুটি বনাঞ্চলৰ লগতে শেহতীয়াকৈ জীয়াধল নৈ পাৰত থকা শ শ হেক্টৰ বনভূমিৰ ওপৰত শেনচাক্ষু পৰিষেদ খয়ৰ কাঠৰ আন্তঃৰাষ্ট্ৰীয় চোৱাং বেপাৰী চক্ৰটো ৷ইতিমধ্যে জিলাখনৰ ৰংপুৰীয়া,ডিমৌ দিছমুৰ,মাজৰবাৰী, বালিখুঁটি আদি অঞ্চলত থকা  ভূমি সংৰক্ষণ বিভাগৰ সামাজ্ক বননিকৰণত থকা খয়ৰ গছসমুহ চক্ৰটোৱে কাটি তহিলং কৰাৰ পিছত এইবাৰ চিমেন চাপৰি আৰক্ষী থানাৰ আশেপাশে থকা সামাজিক বননিকৰণৰ খয়ৰ গছ আৰু বৰদলনি জয়ৰামপুৰ,গোগামুখৰ শোৱণশিৰি পাৰত থকা খয়ৰ গছ কটাত নামি পৰাৰ পৰিলক্ষিত হৈছে ৷ উল্লেখিত অঞ্চলৰ সামাজিক বনাঞ্চলৰ পৰা খয়ৰ গছ কাটি চোৱাং সহবৰাহকাৰী চক্ৰটোৱে কুইন্টল হিচাপত সহবৰা কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি বিদেশলৈ ৷উল্লখ্য যে পানত ব্যৱহাৰ হোৱা খয়ৰ এি গছৰ পৰাই প্ৰস্তুতকৰা হয় ৷ তদুপৰি খয়ৰ গছৰ পৰাই উৎপন্ন কৰা হয় বিভিনেন তৰহৰ ৰং ৷ভাৰতৰ বিভিন্ন প্ৰান্তত থকা ৰং উৎপাদন কাৰী উদ্যোগসমুহত অতি উচ্চ দৰত চক্ৰটোৱে যোগান ধৰে খয়ৰ গছৰ ৷গছজোপাৰ বাকলি গুচাই পানীত সিজাই প্ৰস্তুত কৰা হয় ৰং ৷অৱশ্যে  তাত ৰাসায়ন দ্ৰব্যৰ ব্যৱহাৰ কৰে উদ্যোগসমুহে ৷তেনেদৰে জৰ্দা পাণ,মিঠাপাণত ব্যৱহৃত খয়ৰো প্ৰস্তুত কৰে ৷যি হেতু গছবিধৰ চাহিদা অতি বেছি আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে উজনি অসমৰ জিলা কেইখন থকা মূল্যবান উদ্ভিদবিধ ধ্বংস কৰি হ'লেও গঢ়ি তুলিছে ৰমৰমীয়া বেহা ৷ লক্ষনীয়ভাৱে খয়ৰ গছৰ চাহিদা ইমানেই বেছি যে উজনি অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে বাংলাদেশ,চীন, ভূটান, নেপাল আদি দেশলৈ ৰপ্তানী কৰা হয় ৷ প্ৰাপ্ত তথ্য মতে খয়ৰ গছ থকা বনাঞ্চলৰ কাষৰীয়া গঞাক গছ কটা কামত ব্যৱহাৰ কৰে ৷ একোজোপা গছ কটাৰ বিনিময়ত একোজন লোকক ৫০০ৰ পৰা ৮০০ টকাকৈ দিয়ে  ৷বনাঞ্চলতে নিশাটোৰ ভিতৰতে গছজোপা তিনিফুট দৈঘ্যৰে টুকুৱা টুকুৰ কৰি বলেৰ' পিকআপ ভন নাইবা আন সৰু সামগ্ৰী কঢ়িওৱা গাড়ীৰে অজান নিৰাপদ ঠাইত জমা কৰি চক্ৰটোৱে বগীবিল দলঙেৰে পাৰ কৰাক অসুবিধা হ'ল চেঙাজান মাজৰবাৰী ঘাটেৰে ফেৰীয়ে  ডিব্ৰুগড়লৈ পাৰ কৰি তিনিচুকীযালৈ নিয়ে চক্ৰটোৱে ৷ তিনিচুকীয়াৰ ব্যৱসায়ীৰ দ্বাৰা নিন্ত্ৰন হয় সমগ্ৰ কাৰোবাৰ ৷তিনিচুকীয়া এগৰাকী অনা অসমীয়া ব্যৱসায়ীৰ পৰিচালনাত নিয়ন্ত্ৰিত  খয়ৰ গছৰ চোৱাং বজাৰখন ৷ চক্ৰটোৱে প্ৰতি কেজি খয়ৰ গছ ১৫০- ১৮০ টকাকৈ বিক্ৰী কৰে ৷স্থানীয় লোকৰ মতে একোজোপা খয়ৰ গছৰ পৰা প্ৰায় ৩/৫ কুন্টল কাঠ ওলায় ৷ এই মতে চোৱাং খয়ৰ কাঠৰ ব্যৱসায়ী চক্ৰটোৱে একোজোপা গছৰ বিনিময়ত সংগ্ৰহ কৰি আহিছে ৪৫,০০০ টকাৰ পৰা ৫০,০০০ টকা পৰ্যন্ত ৷ উত্তৰ অসমৰ খয়ৰ গছৰ চোৱাং বেহাৰ সৈতে বন বিভাগৰ একাংশ স্বাৰ্থপৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় আৰক্ষী জড়িত হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কাৰণ চোৰাং বেপাৰীয়ে গছ কাটি নিয়াৰ খবৰ ৰাইজেহে বন বিভাগ দিবলগীয়া হয় ৷বন বিভাগে কোনো দিনাই বনাঞ্চল ৰক্ষাৰ বাবে  নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰা নাই ৷ তদুপৰি ৰাইজে খবৰ দিয়াৰ পিচত বহু পলমকৈ বনাঞ্চলৈ আহি কটা গছৰ মুহাবোৰ নম্বৰ লিখি থৈ যায় বন বিষয়া কৰ্মচাৰীয়ে ৷ বিগত সময়ত গাঁৱৰ ৰাইজে খয়ৰ গছৰ লগতে বনাঞ্চলত প্ৰাপ্ত মূল্যবান উদ্ভিদবোৰ ৰক্ষাৰ বাবে ধ্বংসযজ্ঞ ৰোধ কৰাৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰিছে যদিও অতি চতুৰ  চোৱাং বেপাৰীয়ে ঘন জংঘলৰ পৰা সংগোপনে গছ কাটি উলিয়াই নিয়ে ৷ লগতে ৰাইজে কৰা আন এক অভিযোগ মতে এই চোৰাং বেপাৰী চক্ৰটোৰ লগত স্থানীয় আৰক্ষীৰ জোৱানেই কমিচনৰ অংকত বিক্ৰীগৈ চোৱাংচোৱা কৰি আহিছে ৷ চোৰাং বেপাৰীৰে যেতিয়া বনাঞ্চলত গছ কাটি থাকে তেতিয়া স্থানীয় ৰাইজে খবৰ কৰিলে স্থানীয় আৰক্ষী যোৱান জনে খবৰ কৰি আঁতৰি দিবলৈ দিয়ে বুলি বন বিভাগৰ এক সুত্ৰই প্ৰকাশ কৰিছে ৷ অৱশ্যে ৰাইজৰ খবৰ ভিত্তিত বন বিভাগে মাজে সময়ে চোৰাং বেপাৰীৰ পৰা জব্দ কৰিছে খয়ৰ গছৰ কুণ্ডা কিন্তু ৰহস্যজনক পৰিস্থিতিত চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে বন আইনৰ অধীনত বিভাগটোৱে ৰুজু কৰা নাই কোনো গোচৰ ৷ স্মৰ্তব্য যে বন আইনৰ অধীনত ৰুজু হোৱা গোচৰত কোনো লোক দোষী সাব্যস্ত হ'লে সৰ্বনিম্ন এক লাখ টকা পৰ্যন্ত জৰিমনা বিহা হয় ৷তাকে নকৰি বন বিভাগৰ একাংশ বিষয়াই চোৱাং বেপৰীয়ে মিলি কমিচনৰ অংক কৰা বুলিহে অভিযোগ উঠিছে ৷বন বিভাগৰ বিশেষ এক সুত্ৰে প্ৰকাশ পোৱা খবৰ মতে দীৰ্ঘ  দিনৰ পৰাই এই চোৰাং বেহা চলি আহিছে ৷ বগীবিল দলং মুকলি কৰা পিচৰে পৰা এই বেহ অতি গতিশীলতা লাভ কৰিছে ৷চোৰাং চক্ৰটোৱে খয়ৰ গছৰ নিতৌ ন ন বনাঞ্চল চিনাক্ত কৰি সেইবোৰৰ ধ্বংসত নামি পৰিছে ৷তিনিচুকীয়াক মূল কৰিড'ৰ হিচাপে লৈ গঢ়ি উঠা এই চোৰাং ব্যৱসায়ে ৰাজ্যৰ ৰাজকোষলৈ আহিবলগীয়া ধনৰো হৰলুকী কৰিছে ৷ লগে লগে  বনাঞ্চল ধ্বংসৰ ফলত হ্ৰাস পাইছে  প্ৰাকৃতিক ভাৰসাম্য ৷ খয়ৰ গছৰ নামত আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে চলাই অহা ৰমৰমীয়া বেহা বন্ধ কৰাৰ বাবে বন বিভাগৰ বিয়াগোম আমোলা বিষয়াসকলে কি ব্যৱস্থা লয় সেয়াহে  লক্ষনীয় হ'ব ৷

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.