ধেমাজি, 27 ছেপ্তেম্বৰঃ আহিনীয়া বানৰ কবলত পৰিছে ধেমাজি বিধান সভা সমষ্টিৰ লক্ষীপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৰুৱা লালুং, ১ আৰু ২ নং বৰুৱা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷ পাহাৰীয়া ৰাই নদীয়ে প্ৰতিবছৰে অঞ্চলটোত সৃষ্টি কৰে ত্ৰাসৰ ৷ বানত একাকাৰ হৈ পৰিছে অঞ্চলটোৰ বাট-পথ ৷ ইতিমধ্যে বোকাত পোত গৈছে বহুকেইটা পৰিয়ালৰ ঘৰৰ ভেটি ৷ এক অবৰ্ণনীয় পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বানাক্ৰান্তই ৷ কিন্তু ৰাইজৰ এই দুৰ্দশাৰ প্ৰতি কোনো গুৰুত্ব নাই জন প্ৰতিনিধিৰ ৷
লগতে পঢ়ক-প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ দেহাৱসান