ETV Bharat / state

Dhemaji farmers problem: ধেমাজিৰ পথাৰত সৰিয়হ ফুলৰ অপৰূপ দৃশ্য, চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৃষক - Dhemaji farmers deprived

ধেমাজিৰ উজনি চিচিটঙাণী পঞ্চায়তৰ টঙানী নৈৰ পাৰত সৰিয়হ ফুলৰ নান্দনিক সৌন্দৰ্য দেখিবলৈ পোৱা গৈছে । চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই অঞ্চলটোৰ কৃষকে (Dhemaji farmers deprived of government facilities)। উপযুক্ত বজাৰৰ অভাৱত মধ্যভোগীয়ে লাভ কৰিছে কৃষকৰ লাভৰ অংশ ।

Dhemaji farmers problem
ধেমাজিৰ পথাৰত সৰিয়হ ফুলৰ অপৰূপ দৃশ্য
author img

By

Published : Dec 27, 2022, 4:26 PM IST

ধেমাজিৰ পথাৰত সৰিয়হ ফুলৰ অপৰূপ দৃশ্য

জোনাই, ২৭ ডিচেম্বৰ : এতিয়া ৰবি শস্যৰ বতৰ । বিভিন্ন প্ৰকাৰৰ ৰবি শস্যৰে ভৰিছে ৰাজ্যৰ খেতি পথাৰ । ঠায়ে ঠায়ে সৰিয়হবোৰ ফুলিছে । সৰিয়হৰ হালধীয়া ৰঙে পথাৰবোৰৰ সৌন্দৰ্য বঢ়াইছে (Mustard blooms in Dhemaji)।

ধেমাজিৰ পথাৰতো এতিয়া সৰিয়হ ফুলাৰ নান্দনিক দৃশ্য । অপৰূপ দৃশ্যই হাত বাউলি মাতিছে সকলোকে ৷ ধেমাজি জিলাৰ একমাত্ৰ ৰবি শস্যৰ উৎস উজনি চিচিটঙাণী পঞ্চায়তৰ টঙানী নৈৰ পাৰৰ এটা বৃহৎ অঞ্চলো হালধীয়া হৈ পৰিছে । উজনি চিচিটঙাণী পঞ্চায়তৰ অন্তৰ্গত লহৰামখুটি, বালিন-পাম, চেকাই, বৰঘুলি, বেলং আদি প্ৰায় ২৫ খনকৈ গাঁৱৰ লোকৰ ৰবি শস্যৰ উৎপাদনস্থলী ৷ বিশেষকৈ শ শ হেক্টৰ ভূমিত সৰিয়হ খেতিৰ উপৰিও আলু, বেঙেনা, গোমধান, বন্ধাকবি, জলকীয়াৰ লগতে বিভিন্ন ৰবি শস্যৰে এতিয়া নদন-বদন হৈ পৰিছে পথাৰ ।

উল্লেখ্য যে বছৰ বছৰ ধৰি উজনি চিচিটঙাণী পঞ্চায়তৰ লোকসকলে ভূমি লিজত লৈ কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হোৱাৰ উপৰিও অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়, তিনিচুকিয়া, গুৱাহাটী, বৰপেটা আদি বিভিন্ন ঠাইলৈ শাক-পাচলিৰ যোগান ধৰি আহিছে । কৃষিকৰ্মৰ লগত জড়িত থকা এই অসমীয়া চহা খেতিয়কসকলে কিন্তু আজিলৈ কোনো এখন চৰকাৰৰ পৰা কোনো ধৰণৰ আঁচনিৰ সুবিধা পাবলৈ সক্ষম নহ'ল (Dhemaji farmers deprived of government facilities)।

অঞ্চলটোৰ কৃষকসকলে অভিযোগ কৰা মতে তেওঁলোকে কৃষি আঁচনিৰ কথা কেৱল সংবাদমাধ্যমৰ জৰিয়তে জানিব পাৰে । আজিলৈ তেওঁলোকে কোনো ধৰণৰ সুবিধা লাভ কৰা নাই । ফলস্বৰূপে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে । ইফালে পানীৰ বাবে বতৰৰ ওপৰতে নিৰ্ভৰশীল কৃষকসকল (Dhemaji farmers problem)। পানী যোগানৰ ব্যৱস্থা নাই অঞ্চলটোত । সৰিয়হ ফুলিছে যদিও বৰষুণ নোহোৱাৰ বাবে এতিয়া ফচলৰ বাবে শংকিত হৈ পৰিছে কৃষকসকল । কিয়নো বৰষুণ নহ'লে তেওঁলোকে ভবা ধৰণে সৰিয়হৰ ফল নধৰিব ।

ইয়াৰোপৰি নিজৰ পকেটৰ ধনেৰেই বা ঋণ লৈ খেতি কৰা এই খেতিয়কসকলৰ আন এক সমস্যা হৈছে উপযুক্ত বজাৰৰ অভাৱ । যাৰ বাবে মধ্যভোগীয়ে বছৰি লাভ কৰিছে কৃষকৰ লাভৰ ধন । সেয়েহে কৃষকসকলে সংবাদমাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিছে । অসম মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী অতুল বৰাক তেওঁলোকৰ এই কৃষি কৰ্মক সন্মান জনাই কিছু সুবিধা দিয়াৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনায় কৃষকসকলে ।

লগতে পঢ়ক :Snow cover at Moran: বছৰৰ শেষৰটো সপ্তাহত মৰাণবাসী সাক্ষী হ’ল তুষাৰৰ আচ্ছাদনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.