ETV Bharat / state

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন

author img

By

Published : Mar 26, 2021, 12:55 PM IST

১১৩ নং ধেমাজি (অনুসূচিত ) বিধান সভা সমষ্টি ভোটাৰ হৈছে ২৪৭২২২ ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১২৪৬৭২ আৰু মহিলা ভোটাৰ হৈছে ১২২৫৫০ ৷ মুঠ ১৪০৮ গৰাকী শাৰিৰীকভাৱে সক্ষম ভোটাৰ আছে । মুঠ ৩৩৭৬ গৰাকী ৮০ উৰ্দ্ধৰ ভোটাৰ আছে । সমষ্টিটোত মুঠ ৫ টা জ’ন আৰু ৩০ টা শাখাত ভাগ কৰা হৈছে ৷ মুঠ ৩৫৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ১০ টা সংকটপূৰ্ণ স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে ৷ ১৭৮ টা ভোটকেন্দ্ৰত ৱেৱ কাষ্টিঙৰ ব্যৱস্থা ৷ জিলাখনত মুঠ পলিং বিষয়া ১৭১২ টা ৷ কেৱল মহিলাৰ বাবে আছে ১৩ টা ভোটকেন্দ্ৰ ৷ য’ত ৬৫ গৰাকী মহিলা পলিং বিষয়া থাকিব ৷

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন

ধেমাজি, ২৬ মাৰ্চ: ইতিমধ্য অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । সমান্তৰালকৈ সাজু হৈ উঠিছে জিলা প্ৰশাসনসমূহ । অহা ২৭ মাৰ্চ অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ বাবে সাজু হৈছে ধেমাজি জিলা প্ৰশাসন ৷ এই সম্পৰ্কত বৃহস্পতিবাৰে ধেমাজি জিলা প্ৰশাসনে ধেমাজি জিলা পৰিষদৰ সভা কক্ষত এখন সংবাদমেল সম্বোধন কৰে । ধেমাজি জিলা উপায়ুক্ত ডাঃ জীৱন বিএ আৰু জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱাটে সংবাদমেল সম্বোধন কৰে ৷

১১৩ নং ধেমাজি (অনুসূচিত ) বিধান সভা সমষ্টি ভোটাৰ হৈছে ২৪৭২২২ ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১২৪৬৭২ আৰু মহিলা ভোটাৰ হৈছে ১২২৫৫০ ৷ মুঠ ১৪০৮ গৰাকী শাৰিৰীকভাৱে সক্ষম ভোটাৰ আছে । মুঠ ৩৩৭৬ গৰাকী ৮০ উৰ্দ্ধৰ ভোটাৰ আছে । সমষ্টিটোত মুঠ ৫ টা জ’ন আৰু ৩০ টা শাখাত ভাগ কৰা হৈছে ৷ মুঠ ৩৫৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ১০ টা সংকটপূৰ্ণ স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে ৷ ১৭৮ টা ভোটকেন্দ্ৰত ৱেৱ কাষ্টিঙৰ ব্যৱস্থা ৷ জিলাখনত মুঠ পলিং বিষয়া ১৭১২ টা ৷ কেৱল মহিলাৰ বাবে আছে ১৩ টা ভোটকেন্দ্ৰ ৷ য’ত ৬৫ গৰাকী মহিলা পলিং বিষয়া থাকিব ৷

ইতিমধ্যে ১১৩ ধেমাজি (st) আৰু জোনাই (st)ত ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ ড্ৰাই ডে' বন্ধ ঘোষণা কৰিছে প্ৰশাসনে ৷ সেইদৰে ২৭ মাৰ্চৰ ভোটগ্ৰহণৰ দিনটোত দুয়োটা সমষ্টিতে ৰাজহুৱা বন্ধ ঘোষণা কৰিছে প্ৰশাসনে ৷ সমান্তৰালকৈ ধেমাজি জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱটে নিৰাপত্তাৰ দিশটোৰ ওপৰত সদৰী কৰি কয় যে অসমৰ বাহিৰৰ পৰা চিআৰপিএফ, এচএচবি আদি ১৯ টা কোম্পানীৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰে ৮ টা কোম্পানী ছিকিমৰ ৷ ধেমাজি জিলাখনত ২০০o নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে ৷ ইতিমধ্যে এই সকলোবোৰ নিৰাপত্তাৰক্ষীৰ খোৱা থকা ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ ইতিমধ্যে আৰক্ষী পৰ্যবেক্ষকে নিৰাপত্তাৰ দিশসমূহ পৰ্যবেক্ষণ কৰি আছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: মছজিদ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত সেনা বাহিনীৰ মাজত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.