ETV Bharat / state

Dhemaji commerce college controversy : ধেমাজি বাণিজ্য মহাবিদ্যালয়ত শিক্ষাগুৰুৰ আভ্যন্তৰীণ কন্দল - Dhemaji commerce college controversy

ছাত্ৰ-ছাত্ৰীক শিক্ষাদানলৈ পিঠি শিক্ষকৰ ৷ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তাই উদঙালে শিক্ষাগুৰুৰ আভ্যন্তৰীণ কন্দল (Dhemaji commerce college controversy) ।

Dhemaji
Dhemaji
author img

By

Published : Dec 20, 2022, 7:38 PM IST

অভিযোগকাৰী শিক্ষকৰ সংবাদমেল

ধেমাজি, ২০ ডিচেম্বৰ : ধেমাজিৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ একাংশ শিক্ষাগুৰুৰ ভূমিকাই মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশলৈ কঢ়িয়াইছে ভাবুকি (Dhemaji commerce college controversy) ৷ শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীলৈ পিঠি দি শিক্ষক গোটে কেৱল নিজৰ মাজতে অব্যাহত ৰাখিছে অঁৰিয়াঅৰি ভাব ৷ ইয়াৰ ফলত বিতুষ্ট হৈছে আন একাংশ শিক্ষক ৷

মহাবিদ্যালয়খনৰ অভ্যন্তৰত চলি থকা এই অৰাজকতাৰ বিষয়ে মুখ খুলিছে খোদ মহাবিদ্যালয়খনৰ এগৰাকী শিক্ষকে (Dhemaji Commerce College internal conflict) ৷ শংকৰ পাটোৱাৰী নামৰ সহকাৰী অধ্যাপকগৰাকীয়ে অভিযোগ আনিছে যে বিগত বৰ্ষৰ ২৩ নৱেম্বৰত অসম কলেজ শিক্ষক সংস্থাৰ (Assam College Teachers Association, ACTA) অধীনৰ ধেমাজি-ঢকুৱাখনা মণ্ডলৰ যি বাৰ্ষিক অধিবেশন জোনাই বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল, তাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষক সদস্য ৰাজুমণি ভূঞাই কাৰ্যনিৰ্বাহক সমিতিৰ (EC) সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হৈছিল (Rajumoni Bhuyan of Dhemaji Commerce College controversy) ।

ACTA-ৰ সংবিধান অনুসৰি এনে পদত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ প্ৰাৰ্থীজনে নিজৰ শিক্ষক গোটৰ পৰা তেওঁৰ সপক্ষে এটি প্ৰস্তাৱ দাখিল কৰিব লাগে । কিন্তু ৰাজুমণিৰ সপক্ষে এনে প্ৰস্তাৱ শিক্ষক গোটে লোৱা নাছিল । কিন্তু অধিবেশনস্থলীত শিক্ষক গোটৰ সভাপতি হিচাপে সঞ্জীব হাজৰিকাই শিক্ষক গোটৰ অজ্ঞাতে ঠাইতে প্ৰস্তাৱ লিখি সেয়া শিক্ষক গোটৰ প্ৰস্তাৱ বুলি সাব্যস্ত কৰি ৰাজুমণিক প্ৰতিদ্বন্দ্বিতাত নমাই নিৰ্বাচনত জয়ী কৰায় । পৰৱৰ্তী সময়ত শিক্ষক গোটক বিষয়টো অৱগত কৰি উক্ত প্ৰস্তাৱটো সভাত গৃহীত কৰোৱাৰ অৱকাশ আছিল যদিও সেয়া কৰা দেখা নগ'ল ।

আনহাতে, চলিত বৰ্ষৰ ৮ এপ্ৰিলত তথ্য জনা আইনযোগে (RTI) ৰাজুমণিয়ে শিক্ষক গোটৰ কোনটো প্ৰস্তাৱৰ ভিত্তিত কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হ'ল তাৰ তথ্য বিচৰাত সময়সীমা পাৰ হৈ যোৱাটো তথ্য জনা আইনৰ জৰিয়তে লাভ কৰে । প্ৰাপ্ত তথ্যমতে, সভাৰ কাৰ্যসূচীৰ কোনো দফাৰ লগত সংগতি নথকা মাথোঁ এটা বাক্যতে সামৰা নতুনকৈ সংযোজিত ১নং প্ৰস্তৱটিয়ে সকলোৰে চকু কপালত তোলে । এই প্ৰস্তাৱমৰ্মে ৰাজুমণিক অধিবেশনত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ প্ৰস্তাৱ লোৱা দেখুওৱা হৈছে ।

কাৰ্যবিৱৰণীৰ (proceeding) ৪২০ নং পৃষ্ঠাৰ তলত কোনোমতে চুটিকৈ এটা বাক্য লিখিব পৰা ঠাই অকণমান আছিল । এই চক্ৰটোৱে এই স্থানখিনিৰ সদ্ব্যৱহাৰ কৰে । কিন্তু নতুনকৈ ১নং প্ৰস্তাৱটি সংযোগ কৰিবলগা হোৱাত প্ৰকৃত ১নং প্ৰস্তাৱটো ২ কৰিবলৈ ঘঁহিবলগা হোৱাত সকলো গোমৰ ফাঁক হয় । তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে মহাবিদ্যালয়ৰ যিগৰাকী শিক্ষকৰ সভাপতিত্বত (সঞ্জীব হাজৰিকা নহয়) উক্ত সভাখন হৈছিল, তেওঁ নতুনকৈ সংযোগ কৰা (tampering) প্ৰস্তাৱটি কোনো কাৰণতে লোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে ।

এনে প্ৰেক্ষাপটত কাৰ্যবিৱৰণী বিকৃতকৰণ (proceeding tempering) কৰা কাৰ্যৰ বিৰুদ্ধে শিক্ষক গোটত অভিযোগ দাখিল কৰি সভা অনুষ্ঠিত কৰিবলৈ আবেদন দাখিল কৰাত বিগত সাত মাহ ধৰি শিক্ষক গোটৰ কোনো সভা অনুষ্ঠিত নকৰিলে । সদ্যহতে যোৱা ১৫ ডিচেম্বৰত শিক্ষক গোটে সভা অনুষ্ঠিত কৰে । কিন্তু বিগত ২৪ মে'তে শিক্ষক গোটক দিয়া পত্ৰখন সভাৰ কাৰ্যসূচীত ঠাই পাব লাগে বুলি দাবী তোলাত চাৰিজন শিক্ষকে বিৰোধিতা কৰাত সভাগৃহ উত্তপ্ত হৈ পৰে ।

আনকি এজন শিক্ষকে অভিযোগকাৰী শিক্ষকগৰাকীক মাৰিবলৈ ফোনেৰে কোনোবা গুণ্ডাকো মাতে । অন্যান্য সদস্যসকলকো তেওঁৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনোৱাত যেতিয়া কাৰো সঁহাৰি নেপালে, তেতিয়া কাৰ্যবিৱৰণী বিকৃতকৰণ কাৰ্যৰ লগত জড়িত মুষ্টিমেয় শিক্ষককেইজনে (সভাপতি/সম্পাদক সহিতে) সভা বাতিল কৰি আঁতৰি যায় । সভাপতি সঞ্জীব হাজৰিকাই পদত্যাগ কৰা বুলি ঘোষণা কৰে ।

আনহাতে, বিগত ১৭ ডিচেম্বৰত কোনো সভা আহ্বান নকৰাকৈয়ে এচাম শিক্ষকক বাদ দি আন এচামৰ পৰা বছৰেকীয়া সভ্য মাচুল সংগ্ৰহ কৰে আৰু ১৯ ডিচেম্বৰত চিমেন চাপৰি কলেজত হ'বলগা মণ্ডলৰ বাৰ্ষিক অধিবেশনলৈ প্ৰতিনিধি মনোনীত কৰে আৰু কেইজনমান সদস্যৰ পৰা মাচুল সংগ্ৰহ কৰে যদিও তেওঁৰ পৰা মাচুল সংগ্ৰহ নকৰে ৷

এনেদৰে এক অৰাজক অৱস্থাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰবক্তা শংকৰ পাটোৱাৰীয়ে ৷ মন কৰিবলগীয়া যে চৰকাৰৰ পৰা মোটা অংকৰ বেতন লৈ শিক্ষকতা কৰা এখন উচ্চ শিক্ষাৰ অনুষ্ঠানৰ বিদ্বান শিক্ষাগুৰুৰ মাজত অব্যাহত থকা এনে দ্বন্দ্বই যে শিক্ষানুষ্ঠানত বিৰূপ প্ৰভৱ পেলাব সেয়া ধুৰূপ ।

লগতে পঢ়ক :Assam Assembly Winter Session 2022 : অসমৰ সীমাবিবাদ প্ৰসংগত কংগ্ৰেছৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.