ETV Bharat / state

দৰিদ্ৰতাৰ বাবে 9 বছৰে বিচনাই একমাত্ৰ সংগী এটি কণমানিৰ

author img

By

Published : Dec 8, 2020, 9:54 AM IST

চিকিৎসাৰ অভাৱত অনিশ্চয়তাৰ দিশে এটি শিশুৰ ভৱিষ্যত ৷ আৰ্থিক সংকটৰ বাবে 9 টা বছৰে বিচনাই একমাত্ৰ সংগী হৈ ৰৈছে কণমানিটোৰ ৷ ৰাইজক সহায়ৰ বাবে আহ্বান পৰিয়ালৰ লোকৰ ৷

dhemaji child in bed for nine years
দৰিদ্ৰতাৰ বাবে 9 বছৰে বিচনাই সংগী হৈ ৰৈছে এটি কণমানিৰ

ধেমাজী, 8 ডিচেম্বৰ: চিকিৎসাৰ অভাৱত 9 বছৰে বিচনাই একমাত্ৰ সংগী হৈ ৰৈছে ধেমাজিৰ এটি শিশুৰ ৷ কণমানিটোৰ বাবে সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অপাৰগ আৰ্থিক সংকটত জুৰুলা শিশুটিৰ পৰিয়াল ৷ ফলত বিগত 9 টা বছৰে বিচনাখনকেই আশ্ৰয় কৰি আগবাঢ়িছে জটিল ৰোগত আক্ৰান্ত এটি অবুজ শিশুৰ ভৱিষ্যত ৷

চিকিৎসাৰ অভাৱত বিচনাতেই দিন কটাব লগীয়া হৈছে জ্ঞানজ্যোতিয়ে

জানিব পৰামতে জন্মৰ পাছতে ধেমাজিৰ জয়ৰামপুৰ লালুকীজান নিবাসী বিষ্ণু ফুকন আৰু ৰূপা চেত্ৰী ফুকনৰ একমাত্ৰ সন্তান জ্ঞানজ্যোতি এক জটিল ৰোগত আক্ৰান্ত হয় ৷ শিশুটিৰ পিতৃ মাতৃয়ে জানিবলৈ দিয়ে যে, বিগত 9 বছৰে অনিশ্চয়তাক সংগী কৰি বিছনাতেই দিন ৰাতি পাৰ কৰিব লগা জ্ঞানজ্যোতিক দাংকোলাকৈ নিনিলে একেবাৰে লৰচৰ কৰিব নোৱাৰে ৷

তেওঁলোকে কয় যে, শিশুটি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিবলৈ চিকিৎসাৰ বাবে এক মোটা অংকৰ ধনৰ প্ৰয়োজন হ'ব ৷ কিন্তু এসাঁজ খাই অন্য সাঁজলৈ চিন্তা কৰিবলগীয়া পৰিয়ালটোৱে জয়ৰামপুৰৰ পৰা গুৱাহাটী বা ডিব্ৰুগড়লৈ শিশুটিক লৈ যোৱাটো এক চিন্তনীয় বিষয় ৷

নিজ সন্তানক চিকিৎসা প্ৰদান কৰিব নোৱাৰি অসহায় হৈ পৰা পিতৃ-মাতৃয়ে এতিয়া শিশুটিৰ চিকিৎসাৰ বাবে ৰাইজক কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক: এগৰাকী ৬০ উৰ্ধৰ ব্যক্তিৰ আশ্ৰয়থল প্ৰস্তুত কৰি দিলে "চেলেংহাট হেল্থ ক্লাৱে"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.