নিউজ ডেস্ক, 16 আগষ্ট: 16 আগষ্টৰ দিনটোৱে যেন ধেমাজিৰ বহু লোকৰ দেহৰ কেঁচা ঘা এডোখৰত নিমখ ঢলাৰ দৰে কাম কৰে ৷ ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা 58 সংখ্যক স্বাধীনতা দিৱসত, সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণে মৃত্যুৰ বিভিষিকা কঢ়িয়াই আনিছিল পেৰেড গ্ৰাউণ্ডটোলৈ ৷ পুৱাই স্বাধীনমনে ঘৰৰ পৰা মুখত এমোকোৰা হাঁহি লৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি ধূলি আৰু ছাইৰ স'তে মিলি গৈছিল 10 টিকৈ কণমাণিৰ লগতে গৰ্ভৱতী মহিলাসহ 13 গৰাকী লোকৰ দেহ ৷ কাণ তালমৰা বোমাৰ আৰ্তনাদে নিমিষতে সেই পেৰেডস্থলী ৰূপান্তৰিত কৰিছিল নিৰীহৰ তেজেৰে ৰাঙলী এখন শ্মশানলৈ ৷ নিৰীহৰ ছিন্ন-ভিন্ন মৃতদেহৰ প্ৰতিচ্ছবি, হিয়া ভঙা কান্দোন, যন্ত্ৰণাকাতৰ আৰ্তনাদেৰে ভৰা সেই মৰ্মান্তিক দৃশ্য এতিয়াও সুস্পষ্ট ধেমাজিবাসীৰ মনত ৷ সেই অভিশপ্ত দিনৰ অভিশাপৰ চিন আজিও স্পষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকলৰ দেহত ৷ উল্লেখ্য যে, সেই বৰ্বৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল সংযুক্ত মুক্তি বাহিনী অসমে ৷
ঘটনা সংঘটিত হোৱাৰ সুদীৰ্ঘ ১৫ বছৰৰ অন্তত ঘটনাৰ লগত জড়িত 4 গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড, 2 গৰাকীক দুবছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল ধেমাজিৰ সত্ৰ ন্যায়াধীশ আদালতে ৷ কিন্তু চৰকাৰে পাহৰিলে নেকি ৰাজ্য জোঁকাৰি যোৱা সেই শিহৰণকাৰী ঘটনাক ? বিস্ফোৰণস্থলীত নিহতসকলৰ স্মৃতিত বিশাল শ্বহীদ স্তম্ভ, শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে জিলা ছাত্ৰ সন্থাই নিজাববীয়াকৈ সুউচ্চ স্মৃতিসৌধ নিৰ্মাণ কৰি ধেমাজিৰ সেই অভিশপ্ত অধ্যায়ৰ স্মৃতি সজীৱ কৰি ৰাখিছে ৷ কিন্তু ইমানৰ পাচতো শ্বহীদ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পূৰাব নোৱাৰিলে কোনো এখন চৰকাৰেই ৷ আজিলৈ শ্বহীদৰ পৰিয়ালে নাপালে নিজৰ আপোনজনক হেৰুওৱাৰ ন্যায় ৷
![সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণে মৃত্যুৰ বিভিষিকা কঢ়িয়াই আনিছিল পেৰেড গ্ৰাউণ্ডটোলৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8439807_image.jpg)
শ্বহীদৰ স্মৃতিত ধেমাজি মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা ভৱনটোৰো নামকৰণ নহ'ল শ্বহীদ সকলৰ স্মৃতিত ৷ কংগ্ৰেছৰ দিনৰ পৰাই প্ৰতাৰিত হৈ অহা শ্বহীদ পৰিয়ালৰ লোকে বিজেপি চৰকাৰৰ দিনতো নাপালে কোনো উচিত ব্যৱস্থাপনা ৷ শ্বহীদ পৰিয়ালৰ একোগৰাকীকৈ লোকক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল চৰকাৰে ৷ কিন্তু কৰ্ম সংস্থাপন দিয়াটো দূৰৰে কথা তেওঁলোকৰ খবৰ ল'বলৈয়ো পূৰ্বৰ চৰকাৰৰ লগতে, বৰ্তমানৰ চৰকাৰৰো আহৰি হোৱা নাই বুলি অভিযোগ কৰে ভুক্তভোগী পৰিয়ালে ৷ কংগ্ৰেছ চৰকাৰৰ দিনত শ্বহীদৰ স্মৃতিত লোৱা কিছুমান পদক্ষেপ ফলপ্ৰসূ হ'ল যদিও, বিজেপি চৰকাৰৰ দৃষ্টিত 2004 চনত যেন ৰাজ্যত কোনো ঘটনা সংঘটিত হোৱাই নাই ধৰণৰ মানসিকতা দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰে তেওঁলোকে ৷
![বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত পালন কৰা হ'ল শোক দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-803-16-aug-press-list-photo-scrpt-as10018_16082020154919_1608f_1597573159_801.jpg)
দেওবাৰে সেই শিহৰণকাৰী দিনটোক সোঁৱৰি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত পালন কৰা হ'ল শোক দিৱস ৷ ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে উগ্ৰপন্থীৰ কূটাঘাতৰ বলি হোৱাসকলৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে কাৰ্যালয়টোৰ কৰ্মকৰ্তাসকলে ৷ কিন্তু এই দিনটোত শ্বহীদক সোঁৱৰি চৰকাৰে কি কৰিলে সেইয়াহে এক ডাঙৰ প্ৰশ্ন ৷
লগতে পঢ়ক: নাৰ্চৰ অৱহেলাৰ বাবেই মৃত্যু যুৱকৰ