ETV Bharat / state

ধেমাজিত বিজেপি ST মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন - স্বায়ত্ত শাসিত পৰিষদ

জোনাইত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত ৷ উপস্থিত বিধায়ক ৰণৌজ পেগু ৷ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা সভাত ৷

Dhemaji BJP ST March executive meeting completed
ধেমাজিত বিজেপি ST মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
author img

By

Published : Nov 4, 2020, 10:32 PM IST

জোনাই, 4 নৱেম্বৰ : কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একত্ৰিত হৈছে ৷ ইয়াৰ লগত আৰু ঋণাত্মক শক্তিও একত্ৰিত হ'বলৈ গৈ আছে । যিবোৰ শক্তিয়ে কংগ্ৰেছ, এ আই ডি এফৰ মিত্ৰজোঁটৰ বিৰোধিতা কৰি আহিছে সেই শক্তিৰ সৈতে বিজেপিয়ে কাম কৰিছে আৰু ভবিষ্যতেও কৰি যাব । এই মন্তব্য ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ডাঃ ৰনোজ পেগুৰ । চিমেন চাপৰিৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত ধেমাজি জিলা বিজেপিৰ এছ টি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি প্ৰদান কৰে এই মন্তব্য ৷

Dhemaji BJP ST March executive meeting completed
ধেমাজিত বিজেপি ST মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

লগতে পঢ়ক : শীঘ্ৰেই বলিউডত দেখা পাব ইব্ৰাহীম আলী খানকঃ পিতৃ ছেইফৰ মন্তব্য

বিধায়ক গৰাকীয়ে পুনৰ কয় যে, ট্ৰাইবেল বেল্ট আৰু ব্ল'ক সমূহ অসম ভূমি ৰাজহ অধিনিয়ম, দশম অধ্যায় 1886 (সংশোধিত) ৰ অধীনত আছে । এই সমূহ সাল-সলনি বা পুনৰ গঠনৰ প্ৰয়োজনীয়তা কথা উল্লেখ কৰি নতুনকৈ বহু জনজাতীয় অঞ্চল আছে যিবোৰ ট্ৰাইবেল বেল্ট আৰু ব্ল'কত অন্তভুৰ্ক্ত নহয় । সেইবোৰক ট্ৰাইবেল বেল্ট আৰু ব্ল'কত অন্তভুৰ্ক্ত কৰাৰ কথা চৰকাৰে বিবেচনা কৰিছে বুলি কোৱাৰ লগতে চৰকাৰে যিসকল লোকক সুৰক্ষিত শ্ৰেণীৰ শাৰীত ৰাখিছে, তাৰ ভিতৰত বহু খিলঞ্জীয়া লোক আছে; কিন্তু যিসকল সুৰক্ষিত শ্ৰেণীত নপৰে যিসকল প্ৰকৃত খিলঞ্জীয়া তেনে লোককো ভূমি পট্টন দিয়াৰ বিবেচনাৰ ক্ষেত্ৰত চৰকাৰে চিন্তা কৰিছে বুলি উল্লেখ কৰি ইয়াৰ দ্বাৰা জনজাতি সকল অধিক সুৰক্ষিত হ'ব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক : তত্বাৱধায়কৰ দায়িত্ব লৈ প্ৰথম বাৰলৈ ৰাজীৱ ভৱনত ভৰি দিলে জিতেন্দ্ৰ সিঙে

উল্লেখ্য যে, পুৱা 9.30 বজাত পতাকা উত্তোলন কৰে ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই । ইয়াৰ পিচতে বিজেপিৰ ৰাজ্যিক এছ টি মৰ্চাৰ সম্পাদক বিজু কুম্বাঙৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় ধেমাজি জিলা বিজেপি এছ টি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা । মৰ্চাৰ সভাপতি অৰুণ বড়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত 'কাৰ্যপদ্ধতি, সংগঠন আৰু সংৰচনা' বিষয়ত বক্তৃতা প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ অশ্বিনী পাইত আৰু জ্যেষ্ঠ বিজেপি নেতা মাধৱ মুছাহাৰীয়ে । ধেমাজি জিলা বিজেপিৰ এছ টি মৰ্চাৰ সাধাৰণ সম্পাদক দুলন বড়াই আতঁধৰা অনুষ্ঠানত বিজেপি দলৰ ভেটি শক্তিশালী কৰিবলৈ প্ৰণালীৱদ্ধ আৰু শৃংখলাবদ্ধভাবে হাতত ল'ব লগা সাংগঠনিক প্ৰক্ৰিয়াৰ সম্পৰ্কে আলোচনা আগবঢ়াই সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা ৰাজ্যিক বিজেপি এছ টি মৰ্চাৰ কাৰ্য নিৰ্বাহক টংকেশ্বৰ সোনোৱালে ।

লগতে পঢ়ক : গোলাঘাটত মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

সভাত বিজেপিৰ ৰাজ্যিক সমিতিয়ে গ্ৰহণ কৰা প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাত ধেমাজি জিলা বিজেপিৰ এছ টি মৰ্চাৰ উপ-সভাপতি ৰাজকুমাৰ পাংগিঙে উপস্থিত দলীয় কাৰ্যকৰ্তা সকলৰ উদ্দেশ্যি বক্তব্য দাঙি ধৰে । সামাজিক মাধ্যমৰ উপযোগিতা আৰু ব্যৱহাৰ বিষয়ত পূৱ জোনাই, চিচি টঙানি, পশ্চিম জোনাই মণ্ডলৰ বিজেপি এছ টি মৰ্চাৰ সভাপতি সকলে নিজৰ নিজৰ আলোচনা আগবঢ়ায় ।

লগতে পঢ়ক : ধেমাজিত AJYCP ৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ

আনহাতে, 'ৰাজ্য চৰকাৰৰ উপলব্ধি আৰু বৰ্তমান ৰাজনৈতিক পৰিদৃশ্যত আমাৰ ভূমিকা' শীৰ্ষক বিষয়ত বক্তব্য দাঙি ধৰি ৰাজ্যিক বিজেপি এছ টি মৰ্চাৰ সম্পাদক বিজু কুম্বাঙে কয় যে, বিজেপি নেতৃত্বৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা জনমুখী আৰু কল্যাণকামী আঁচনি সমূহৰ বিষয়ে যাতে সৰ্বসাধাৰণ ৰাইজে উপলব্ধি কৰিবলৈ সক্ষম হয় আৰু আঁচনি সমূহৰ জৰিয়তে উপকৃত হ'ব পাৰে এই দিশত বিজেপিৰ কাৰ্যকৰ্তা সকলে নিষ্ঠা, সততা আৰু ত্যাগী মনোভাৱেৰে আত্মনিয়োগ হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক : মৰাণ মহাবিদ্যালয়ত তৃতীয় দিনাও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা

অনুষ্ঠানত দলৰ ধেমাজি জিলাৰ প্ৰভাৰী বিশ্বজ্যোতি বড়িয়ে বহুমূলীয়া ভাষন আগবঢ়ায় । সভাত বিজেপিৰ অবিচি মৰ্চাৰ চছিয়েল মিডিয়া সমন্বয়ক মৃণাল চুতীয়া, ৰাজ্যিক জনতা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক জিন্ত মহন্ত, ৰাজ্যিক বিজেপিৰ এছ টি মৰ্চাৰ কাৰ্যনিৰ্বাহক প্ৰণৱ টায়ে, বিজেপিৰ নৰ্থ ইষ্ট এছ টি মৰ্চাৰ সমন্বয়ক উকিল টায়ে, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা দ্বীপশিখা দাস বাঘ্ৰী, সাধাৰণ সদস্য বিজয় শইকীয়া, নন্দিনী ডেকা, পশ্চিম মণ্ডল বিজেপিৰ সভাপতি শিৱ দলে প্ৰমুখ্যে কেইবাজনো বিজেপিৰ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : ইটিভি বাতৰিৰ প্ৰভাৱঃ হাফলং নগৰ সমিতিৰ কাৰ্যালয়ৰ পৰা স্থানন্তৰিত পাৰ্কিং পইণ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.