ETV Bharat / state

ধেমাজি জিলা বিজেপিত ন-পুৰণিৰ সংঘাত - ভুৱন পেগু

ধেমাজিত বিজেপিৰ সভাত উত্তপ্ত পৰিস্থিতি ৷ ভূৱন পেগুৰ বিজেপি লৈ আগমনৰ পাচত বাঢ়িছে পুৰণি দলীয় কৰ্মীৰ বিষোদগাৰ ৷ ধেমাজিৰ চিলাপথাৰত দেওবাৰে প্ৰাৰ্থীত্ব প্ৰদানক বাবে বিষয়ববীয়াৰ মতামত গ্ৰহণৰ কাৰণে আয়োজিত সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

dhemaji-bjp-fight
ধেমাজিত বিজেপিৰ সভাত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Mar 1, 2021, 4:27 PM IST

Updated : Mar 1, 2021, 5:08 PM IST

জোনাই ১ মাৰ্চ : জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ বিজেপি গমণক লৈ বিজেপি কৰ্মীসকলৰ মাজত বহুদিনৰ পৰা চলি আহিছে বিদ্ৰোহ । আগন্তুক নিৰ্বাচনত জোনাই সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰদান সন্দৰ্ভত দলীয় কৰ্মীৰ মতামত গ্ৰহণৰ বাবে প্ৰশান্ত ফুকনৰ নেতৃত্বত দেওবাৰে সন্ধিয়া চিলাপথাৰত উপস্থিত হৈছিল বিজেপি জিলা সভাপতি প্ৰেম দত্তসহ এটা দল ।

ধেমাজি জিলা বিজেপিত ন-পুৰণিৰ সংঘাত

চিলাপথাৰৰ যুৱৰাজ পেলেছ হোটেলত অনুষ্ঠিত কৰা হৈছিল সভা । কিন্তু এই সভাতেই লাগিল আউল । দলীয় নেতৃত্বই কৰ্মীসকলৰ পৰা গোপন ভোট গ্ৰহণ কৰি গুৱাহাটীলৈ লৈ যোৱাৰ কথা কৈছিল কিন্তু দলীয় কৰ্মীসকলৰ একাংশৰ মতে ইয়াতেই ভোট গণনা কৰি কাক প্ৰাৰ্থীত্বৰ বাবে কৰ্মীসকলে নিৰ্বাচন কৰিছে ঘোষণা কৰিব লাগে । সেই লৈয়েই সৃষ্টি হয় তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ । অৱশেষত সভা সমৰিবলৈ বাধ্য হয় নেতৃত্ব ।

লগতে পঢ়ক : লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

Last Updated : Mar 1, 2021, 5:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.