ETV Bharat / state

ধেমাজিত দুষ্প্ৰাপ্য পক্ষীৰ আতংক ! - ধেমাজী

ধেমাজিৰ এটা পৰিয়ালত এতিয়া আতংকৰ সৃষ্টি কৰিছে শ শ দুষ্প্ৰাপ্য পক্ষীয়ে৷ শ শ বৰটোকোলা , পেলিকান , শামুকভঙা , স্নেক বাৰ্ড , পানী কাউৰী , বগলী , বক , আদিয়ে নিদ্ৰা হৰণ কৰিছে ধেমাজিৰ মাটিখোলা গাৱঁৰ প্ৰণৱ দত্তৰ পৰিয়ালৰ ৷কিয় পৰিয়ালটোৰ বাবে সমস্যা হৈছে পক্ষীকূল , চাওক এই প্ৰতিবেদন...

ধেমাজিত দুষ্প্ৰাপ্য পক্ষীৰ আতংক
author img

By

Published : Aug 18, 2019, 4:29 PM IST

ধেমাজী, 18 আগষ্টঃ ধেমাজিৰ মাটিখোলা গাঁৱৰ প্ৰণৱ দত্ত নামৰ লোকজনৰ ঘৰৰ চৌহদত আশ্ৰয় লোৱা শ শ পক্ষীয়ে আনন্দহে দিছে প্ৰকৃতি প্ৰেমীসকলক । অৱশ্যে সংশ্লিষ্ট বিভাগে পক্ষীৰ লগতে পৰিয়ালটোৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো এই মূহুৰ্তত অতি প্ৰয়োজন হৈ পৰিছে৷ অন্যথা পক্ষীৰ দ্বাৰা বিয়পা বেমাৰে পৰিয়ালটোৰ ভৱিষ্যত অন্ধকাৰলৈ লৈ যোৱাতো নিশ্চিত৷

ধেমাজিত দুষ্প্ৰাপ্য পক্ষীৰ আতংক

ধেমাজী, 18 আগষ্টঃ ধেমাজিৰ মাটিখোলা গাঁৱৰ প্ৰণৱ দত্ত নামৰ লোকজনৰ ঘৰৰ চৌহদত আশ্ৰয় লোৱা শ শ পক্ষীয়ে আনন্দহে দিছে প্ৰকৃতি প্ৰেমীসকলক । অৱশ্যে সংশ্লিষ্ট বিভাগে পক্ষীৰ লগতে পৰিয়ালটোৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো এই মূহুৰ্তত অতি প্ৰয়োজন হৈ পৰিছে৷ অন্যথা পক্ষীৰ দ্বাৰা বিয়পা বেমাৰে পৰিয়ালটোৰ ভৱিষ্যত অন্ধকাৰলৈ লৈ যোৱাতো নিশ্চিত৷

ধেমাজিত দুষ্প্ৰাপ্য পক্ষীৰ আতংক
Intro:শ শ বৰটোকোলা ,, পেলিকান আদি দুষ্পাপ্য পক্ষীৰ আতংকত কপিছে এটা পৰিয়াল । কিয় ধূপ জ্বলাই হে ভাত খাবলগীয়া হয় পৰিয়ালটোৱে ।


Body:শ শ বৰটোকোলা ,, পেলিকান আদি দুষ্পাপ্য পক্ষীৰ আতংকত কপিছে এটা পৰিয়াল । কিয় ধূপ জ্বলাই হে ভাত খাবলগীয়া হয় পৰিয়ালটোৱে ।

ধেমাজি ,, ১৮ , আগষ্ট : এটা দুটা নহয় শ শ দুষ্পাপ্য পক্ষীৰ উপদ্ৰৱত আতংকিত এটা পৰিয়াল । যি সময়ত জাক জাক দুষ্পাপ্য পক্ষী প্ৰত্যক্ষ কৰা হেপাঁহ আৰু মাত শুনাৰ বাবে পক্ষী উদ্যান সূহলৈ পৰ্যটকসকলে ঢাপলি মেলে সেই সময়ত শশ বৰটোকোলা ,পেলিকান ,, হামুকভঙা , স্নেক বাৰ্ড , পানী কাউৰী , বগলী , বক , আদি য়ে নিদ্ৰা হৰিছে পৰিয়ালটোক । ধেমাজিৰ মাটিখোলা গাৱঁৰ প্ৰণৱ দত্ত নামৰ লোকজনৰ ঘৰৰ চৌহদত থকা তিনিজোপা বৃহৎ গছত বছৰ বছৰ ধৰি বাস খৰি আহিছে এইসমূহ জাক জাক দুস্পাপ্য পক্ষীয়ে । ইপিনে দিনক দিনে বৃদ্ধি পাই অহাৰ পক্ষীৰ ফলত দুৰ্গন্ধত থাকিব নোৱাৰা হৈছে পৰিয়ালটো ।ঘৰৰ ভিতৰৰ বাহিৰে চৰাইৰ বিস্তাৰ পাখি আদি । সেয়ে প্ৰচণ্ড গৰমতো দৰজা খিৰিকী , ভেন্টিলেটৰ বন্ধ কৰি থাকিবলগীয়ায়া হয় । আনহে নালাগে পুৱা গধূলি দুগন্ধৰ পৰা হাত সাৰিব ৰ বাবে ধূপ - ধূনা জ্বলাই হে ভাত খাবলগীয়া হয় ।

পৰিয়ালটোৰে জনোৱা মতে শেহতীয়াকৈ পেটৰ বিভিন্ন ৰোগৰ উপসৰ্গ ই দেখা দিয়াৰ লগতে চৰ্ম ৰোগৰ সংক্ৰমণ হৈছে । এটা সযয়ত দুষ্পাপ্য পক্ষী বুলি চুবুৰীয়াক নেখেদিবলৈ কোৱা লোকজনে এতিয়া পক্ষীৰ উপদ্ৰৱত অতিষ্ঠ হৈ কাষ চাপিছে বন বিভাগৰো । কিন্তু দুৰ্ভাগ্য বিষয় যে পৰিয়ালটোৱে পোৱা নাই কোনো উপায় ।

byte....




Conclusion:
হয় , যি সময়ত চৰকাৰে দুস্পাপ্য পক্ষীসমূহ সংৰক্ষণৰ বাবে বিভিন্ন পক্ষী উদ্যানৰ নামত কোটি কোটি টকা ব্যয় কৰি অহাৰ পিছতো পক্ষীসমূহ সংৰক্ষণ কৰিব পৰা নাই । লক্ষনীয়ভাৱে ধেমাজিৰ বৰদৈ বাম বিলমুখ পক্ষী উদ্যানখনতো পৰ্যটকে দেখা নাপায় এটিও পক্ষী । তেনে সময়ত ধেমাজি ৰ মাটিখোলা গাঁৱৰ লোকজনৰ ঘৰৰ চৌহদৰ বাৰীত আশ্ৰয় লোৱ শ শ পক্ষীয়ে সকলোকে দিছে আমোদ । অৱশ্যে সংশ্লিষ্ট বিভাগে পক্ষীৰ লগতে পৰিয়ালটোৰ স্বস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো নিতান্তই আৱশ্যক হৈ পৰিছে । কাৰণ পক্ষীৰ দ্বাৰা বিয়পে ভয়ংকৰ বেমাৰো ।


pradunya Bharali , Dhemaji , Assam , 18/8/2019


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.