ETV Bharat / state

ধেমাজি গ্ৰন্থ উৎসৱত ভাওনা প্ৰদৰ্শন - 'সাৱিত্ৰী সত্যৱান' নামৰ নাটখন

ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ ৰ পঞ্চম দিনা ভাওনা প্ৰদৰ্শন । ধেমাজি মৰিধল গোটুং হাঁহচৰা পাঞ্চজন্য নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰে 'সাৱিত্ৰী-সত্যৱান' নামৰ নাটখন ৷

ধেমাজি গ্ৰন্থ উৎসৱত ভাওনা প্ৰদৰ্শন
ধেমাজি গ্ৰন্থ উৎসৱত ভাওনা প্ৰদৰ্শন
author img

By

Published : Jan 23, 2021, 10:15 AM IST

ধেমাজি, ২৩ জানুৱাৰী : ১৮ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে সাতদিনীয়াকৈ ধেমাজি জিলা প্ৰশাসন আৰু আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ধেমাজি ডি. আৰ. ডি. এ. কাৰ্যালয়ৰ প্ৰাংগনত ধেমাজি জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ ৰ আয়োজন কৰা হৈছে । গ্ৰন্থ উৎসৱৰ পঞ্চম দিনা ভাওনা প্ৰদৰ্শন কৰা হয় ৷ ধেমাজি মৰিধল গোটুং হাহঁচৰা পাঞ্চজন্য নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰে 'সাৱিত্ৰী-সত্যৱান' নামৰ নাটখন ৷

ধেমাজি গ্ৰন্থ উৎসৱত ভাওনা প্ৰদৰ্শন
ধেমাজি গ্ৰন্থ উৎসৱত ভাওনা প্ৰদৰ্শন

লক্ষ্যণীয় যে, প্ৰচণ্ড শীতকো নেওচি ধেমাজি ডি. আৰ. ডি. এ. প্ৰাংগনৰ গ্ৰন্থ উৎসৱৰ বাকৰিত নিশা ভাওনা উপভোগ কৰিবলৈ সমবেত হয় অগণন লোক ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস দৃঢ়তাৰে গঢ়ি উঠাৰ সহায়ক হোৱাৰ লগতে বহু মহান গ্ৰন্থৰাজি ধেমাজিবাসীৰ হাতত উপলব্ধ হোৱাৰ লক্ষ্যৰে ধেমাজি জিলা ছাত্ৰ সন্থাই সাতদিনীয়াকৈ অনুষ্ঠিত কৰে ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ । এই গ্ৰন্থ উৎসৱত গুৱাহাটী, শিৱসাগৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ ৪০ খন গ্ৰন্থ বিপণী আহিছে ।

লগতে পঢ়ক:পথ সুৰক্ষাৰ বাৰ্তা লৈ গুৱাহাটীত হায়দৰাবাদৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.