ধেমাজি , ২৬ জানুৱাৰী : ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাটো গণৰাজ্য় দিৱস পালন কৰা হয় । বিশেষ দিনটোতে ধেমাজি প্ৰশাসনৰ আদৰণীয় পদক্ষেপ । ধেমাজি কাছাৰী ময়দানত ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা উদযাপন কৰা ৭২ সংখ্যক গণৰাজ্য দিৱসত ধেমাজি সদৰৰ প্ৰেছ ক্লাৱৰ দুগৰাকী জ্যেষ্ঠ সংবাদকৰ্মীক প্ৰশাসনে সন্মান জনায় ৷
জ্যেষ্ঠ সংবাদকৰ্মী তথা " দৈনিক অসম" কাকতৰ সংবাদদাতা দিলীপ কুমাৰ হাজৰিকা আৰু “অসমীয়া প্ৰতিদিন” কাকতৰ সাংবাদিক "অশ্বিনী দুৱাৰা" ক এখন ফুলাম গামোচা ,এখন মানপত্ৰ আৰু বঁটাৰে ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰে সম্বৰ্ধনা জনায় ৷
লগতে পঢ়ক :সতীৰ্থক হত্যাৰ ভাবুকি প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ