ধেমাজি, ১৬ অক্টোবৰ: COVID-19 ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ধেমাজিৰ গোগামুখত শুক্ৰবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰে টাকাম মিছিং পৰিণ কেবাং চমুকৈ TMPKই। জনগোষ্ঠীয় গীত-নৃত্যৰ সুৰত মুখৰিত হৈ পৰে মিংমাঙৰ কঠালগুৰি অঞ্জন পেগু লটা ক্ষেত্ৰৰ আকাশ-বতাহ।

পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন, সমৰকলা প্ৰদৰ্শনৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। সভাত অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়া আৰু লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তিলক দলেই কয় যে, 'সদায় নতুন প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি তেওঁলোকক লগত লৈ আগবঢ়াই নিয়াটো TMPKৰ মূল উদ্দেশ্য।' লগতে সাংগঠনিক ভেঁটি সবল কৰিবলৈ TMPKৰ ১৪ খন জিলাত ১৭০খন আঞ্চলিক আৰু ১৫২০খন গাওঁ কমিটী আছে বুলি উল্লেখ কৰে।
লগতে পঢ়ক:সমাগত দুৰ্গা পূজাকলৈ আৰক্ষী-প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক