ETV Bharat / state

কৃষি বিভাগৰ খেতি কৰি বিপদত ধেমাজিৰ খেতিয়ক - ৰবি শস্যৰ বীজ

এইবাৰ কৃষি বিভাগে পুনৰ যোগান ধৰিব ৰবি শস্যৰ বীজ৷ পূৰ্বতে কৃষি বিভাগে প্ৰদান কৰা বীজেৰে খেতি কৰি বিপদত পৰা ধেমাজিৰ কৃষককসকলক পুনৰ উন্নত কঠিয়াৰ বীজ যোগান ধৰিব বিভাগটোৱে৷

কৃষি বিভাগৰ খেতি কৰি বিপদত ধেমাজিৰ খেতিয়ক

author img

By

Published : Oct 19, 2020, 1:43 PM IST

ধেমাজি, 19 অক্টোবৰ: শালি খেতিৰ বাবে কৃষি বিভাগে যোগান ধৰা উন্নত কঠিয়াৰ বীজ IR 42ৰ খেতি কৰি মূৰে-কপালে হাত দিবলগীয়া হোৱা ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ উদ্দেশ্য এইবাৰ ধেমাজিৰ কৃষি বিভাগে পুনৰ যোগান ধৰিব পৰ্যাপ্ত পৰিমাণৰ ৰবি শস্যৰ বীজ৷ ৰবি শস্যৰ বীজ যোগান ধৰি কৃষকৰ ঘাটি পূৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগটোৱে৷ এই কথা ব্যক্ত কৰিছে ধেমাজি জিলাৰ কৃষি বিভাগে ৷ আনহাতে বিভাগটোৰ একাংশ অদূৰদৰ্শী কৰ্মচাৰীৰ বাবেই যে কৃষকসকলে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে সেই কথাও স্বীকাৰ কৰিছে বিভাগটোৰ একাংশ উচ্চপদস্থ বিষয়াই৷
উল্লেখ্য যে, ধেমাজি কৃষি বিভাগে যোগান ধৰা কঠিয়াৰ বীজ IR 42ৰে খেতি কৰি ধেমাজি তেলিজানৰ ভূপেন দিহিঙীয়াৰ ৫ বিঘা মাটিত নিৰ্ধাৰিত ৬০ দিনত ধানেই নোলাল ৷ অনুৰূপভাৱে বহু কেইজন কৃষকে সন্মুখীন হ'বলগীয়া হৈছে একেই সমস্যাৰ৷ ইতিমধ্যে ভুক্তভোগী কৃষকগৰাকীয়ে বিষয়টো সম্পৰ্কত কৃষি বিভাগক অভিযোগ দাখিল কৰাত শেহতীয়াকৈ জিলা কৃষি বিভাগৰ কৰ্মচাৰীক জগৰীয়া কৰা লগতে ক্ষতিপূৰণ হিচাপে ৰবি শস্যৰ বীজ যোগান ধৰিব বুলি সংবাদকৰ্মীৰ আগত মন্তব্য কৰে জিলা কৃষি বিষয়াগৰাকীয়ে।

লগতে পঢ়ক:ফিল'বাৰীত কিক বক্সিং প্ৰশিক্ষণৰ প্ৰথম সমাৱৰ্তন সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.