ধেমাজি,3 চেপ্তেম্বৰঃ বানৰ পিছত হাহাকাৰ লাগিছে সৰ্বস্বান্ত বানাক্ৰান্তৰ মাজত। ধেমাজিত জীয়াঢলৰ বানে খেতি পথাৰ সমূলঞ্চে নি:শেষ কৰাৰ পিছত বহু পৰিয়ালৰ ঘৰ, চোতাল, ভেটি উছন হয় ভয়ংকৰ বানত । বিশেষকৈ জীয়াঢলৰ বানে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰা জীয়াঢল ভজুগাঁও , দিহিৰি কেকুৰি , কেকুৰি চাপৰি মিছিং গাঁৱৰ বহু পৰিয়াল ঘৰ বাৰী আৰু কৃষি ভূমি জাহ যায় জীয়াঢলৰ বুকুত ।
সস্প্ৰতি বানৰ পিছত এতিয়া দুৰ্বিষহ হৈ পৰিছে বানাক্ৰান্ত সকলৰ জীৱন । খাদ্য, আশ্ৰয় স্থলৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে গৃহহীন হৈ পৰা কেইবাটাও পৰিয়ালে , আনৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিব ল’বলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়াল কেইটাই ।
উপায়ন্তৰ হৈ ক্ষতপূৰণ দিবৰ বাবে চৰকাৰক কাতৰ আহ্বান জনাইছে গৃহহীন আৰু হৈ পৰা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ।