ETV Bharat / state

সঞ্চয়কাৰীৰ কেইবালাখ টকা আত্মসাৎ বেংক এজেন্টৰ

assam co-operative apex bank ltd ধেমাজি শাখাত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ এপেক্স বেংকৰ ধেমাজি শাখাৰ ধন সঞ্চয়কাৰীৰ প্ৰায় কেইবালাখ টকা আত্মসাৎ কৰে বেংক এজেন্টে ৷

author img

By

Published : Jul 6, 2021, 11:01 PM IST

depositors money embezzlement of bank agents
সঞ্চয়কাৰীৰ ধন আত্মসাৎ বেংক এজেন্টৰ

ধেমাজি, 6 জুলাই : ক'ভিড মহামাৰী ভয়াৱহ পৰিস্থিতিৰ মাজতেই ৰাজহুৱা খণ্ডৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান assam co-operative apex bank ltd ধেমাজি শাখাত গ্ৰাহকৰ ধন এজেন্টে আত্মসাৎ কৰাৰ এক অভিযোগ উত্থাপন হৈছে ৷ অভিযোগকাৰী সকলৰ মতে ধেমাজি নগৰৰ বিভিন্ন সৰু-বৰ ব্যৱসায়ীসকলে এপেক্স বেংকৰ বেনুধৰ পেগু নামৰ এগৰাকী এজেন্টৰ জৰিয়তে ধন সঞ্চয় কৰিছিল ৷ পিছে এবছৰ মূৰত গ্ৰাহকে জমা ধন বিচাৰি বেংকলৈ অহাত ধন আত্মসাৎৰ সমস্ত ঘটনা পোহৰলৈ আহে ৷

সঞ্চয়কাৰীৰ ধন আত্মসাৎ বেংক এজেন্টৰ

জানিব পৰা মতে, অজিত সেনৰ ২২০০০, বিকাশ ধৰৰ ৬৭০০০, পাপল সোণোৱালৰ ১২১০০, বিশ্বজিত চুতীয়াৰ ২২৯০০, যতীন সোণোৱালৰ ৩৩০০০, কনক সোণোৱালৰ ১৭২০০, দ্বীপজ্যোতি শইকীয়াৰ ২৫০০০, প্ৰদীপ গগৈৰ ২২৫০০ আদিকে ধৰি ৩৫ গৰাকী গ্ৰাহকৰ ধন আত্মসাৎ কৰে বেংকৰ এজেন্ট গৰাকীয়ে ৷ ইফালে ভুক্তভোগী অভিযোগৰ ভিত্তিত তথা এই ঘটনা সংক্ৰান্তত এজেন্ট বেনুধৰ পেগুৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মঙলবাৰে বেংকটোৰ শাখা পৰিচালক অনুপম মহন্তই ধেমাজি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

বেংকৰ শাখা পৰিচালক অনুপম মহন্তই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, বেনুধৰ পেগু নামৰ এজেন্ট গৰাকীয়ে ২০১৫ চনৰ পৰা কাম কৰি আছিল যদিও চলিত বছৰৰ মে’ মাহৰ পৰা জালিয়াতি কৰা কিছু তথ্য পোৱা গৈছে বুলি সদৰি কৰে পৰিচালক গৰাকীয়ে ৷ লগতে ভুক্তভোগী সকলে টকা জমা কৰা নথি দেখুৱাব পাৰিলে প্ৰাপ্যৰ ধন ঘূৰাই পাব বুলিও পৰিচালক গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: জোনাইৰ কবু চাপৰিত চিয়াঙৰ ভয়াৱহ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.