ETV Bharat / state

জোনাইত দেউৰীসকলৰ উৰুকা বিহু পালন - jonai news

জোনাইত দেউৰীসকলে উখল-মাখল পৰিৱেশৰ মাজেৰে পালন কৰিছে উৰুকা বিহু । পৰম্পৰা অনুসৰি গিৰি-গিৰাচি(বুঢ়া-বুঢ়ী)ক পূজা কৰি আৰম্ভ কৰা হয় দেউৰীসকলৰ উৰুকা বিহু ।

deori-bihu-at-jonai
জোনাইত দেউৰীসকলৰ উৰুকা বিহু পালন
author img

By

Published : Apr 22, 2021, 9:39 PM IST

জোনাই,২২ এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে ব’হাগৰ পহিলা বুধবাৰৰ পৰা জোনাইতো দেউৰীসকলে উখল-মাখল পৰিৱেশৰ মাজেৰে পালন কৰিছে উৰুকা বিহু । জোনাইৰ ৰুহিতপুৰ দেউৰী মন্দিৰত বুধবাৰে অঞ্চলটোৰ দেউৰী জনগোষ্ঠীয় লোকসকলে পৰম্পৰা অনুসৰি গিৰি-গিৰাচি (বুঢ়া-বুঢ়ী)ক পূজা কৰি আৰম্ভ কৰে দেউৰী উৰুকা বিহু ।

ৰুহিতপুৰ, লুহিজান দেউৰী অঞ্চলৰ দেউৰীসকলে ৰাইজৰ আৰু পৰিয়ালৰ সুখ-শান্তি, মংগল কামনা কৰি গিৰি-গিৰাচি (বুঢ়া-বুঢ়ী) ৰ নামত বলি দি উচৰ্গা কৰে কুৰিৰো অধিক ছাগলী, পাৰ আদি । ইফালে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জোনাইৰ দেউৰী বসতি প্ৰধান অঞ্চলসমূহত আৰম্ভ হয় দেউৰীসকলৰ বিহু ।

লগতে পঢ়ক: ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.