ETV Bharat / state

ধেমাজিৰ বিশিষ্ট গান্ধীবাদী পুষ্পলতা ফুকনৰ বিয়োগ - সমাজ সংস্কাৰী

বিশিষ্ট স্বাধীনতা সংগ্ৰামী মহিলাগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ মাছখোৱাত শোকৰ ছাঁ পৰা দেখা গৈছে ৷ বিভিন্ন সংগঠনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আত্মৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে ।

Gandhian woman Puspalata Phukan
ধেমাজিৰ বিশিষ্ট গান্ধীবাদী পুষ্পলতা ফুকনৰ বিয়োগ
author img

By

Published : Aug 7, 2021, 10:58 AM IST

ধেমাজি, ৭ আগষ্ট : ধেমাজিৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী পুষ্পলতা ফুকনৰ বিয়োগ । শনিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বিশিষ্ট গান্ধীবাদী, সমাজ সংস্কাৰী, সৰবৰহী মহিলা হিচাপে খ্যাত ধেমাজিৰ মাছখোৱা দ’লগুৰিৰ নিবাসী পুষ্পলতা ফুকনৰ । প্ৰয়াত গান্ধীবাদী নেত্ৰীগৰাকীয়ে বিনোৱাজীত ১৯৫২ চনৰ গ্ৰাম আন্দোলনৰ পদযাত্ৰাত অংশ লোৱাৰ উপৰিও কস্তুৰৱা সেৱা আশ্ৰমত দীৰ্ঘ সময় অতিবাহিত কৰিছিল ।

১৯৩৭ চনত শিবসাগৰৰ নামতি কালুগাৱঁত জন্মগ্ৰহণ কৰিছিল পুষ্পলতা ফুকনে ৷ বিশিষ্ট স্বাধীনতা সংগ্ৰামী মহিলাগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ মাছখোৱাত শোকৰ ছাঁ পৰা দেখা গৈছে ৷ বিভিন্ন সংগঠনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আত্মৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে ।

লগতে পঢ়ক: দুমাহৰ ভিতৰত প্ৰস্তুত হ'ব বিটিআৰ শিক্ষানীতিৰ খচৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.