ETV Bharat / state

ঐতিহাসিক ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীৰ সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী স্থানীয় ৰাইজৰ ৷

Rajakhana Pond as a tourist destination
ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী
author img

By

Published : Jun 24, 2021, 10:52 PM IST

জোনাই, ২৪ জুন : অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ ৰজাখানা পঞ্চায়তত অৱস্থিত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীৰ সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে ৰাইজে । উল্লেখ্য যে, জোনাই মহকুমা সদৰৰ পৰা প্ৰায় ৮ কিঃমিঃ পশ্চিমে আৰু উত্তৰ-পূব সীমান্ত ৰেলপথৰ পৰা ডেৰ কিঃমিঃ উত্তৰে অৱস্থিত বিধ্বংস্ত প্ৰায় ৰজাখানা পুখুৰী ৷ পুখুৰীটোয়ে আজিও ৰাজকীয় পৰিৱেশ আৰু ঐতিহ্যক স্বাক্ষৰ বহন কৰি আহিছে ।

কিছুমানৰ মতে এই ঠাইক ৰাজগড় বুলিও কয় । ৰজাই খনা পুখুৰীটোক কেন্দ্ৰ কৰি অঞ্চলটোৰ পৰিচয় ৰজাখানা হ’ল বুলি ঠাৱৰ কৰা হয় । জানিব পৰা মতে, ‘আৰিমত্ত’ নামৰ এজন ৰজাই এই বৃহৎ পুখুৰীটো খন্দাইছিল । এই বৃহৎ তথা মৃতপ্ৰায় পুখুৰীটো আয়তাকাৰ আৰু দীঘলে উত্তৰা দক্ষিণাকৈ ৫০০ মিটাৰ আৰু বহলে পূব-পশ্চিম মুৱাকৈ ৪০০ মিটাৰ দৈর্ঘৰ ।

পুখুৰীটোৰ পাৰবোৰ এতিয়াও ১০-১৫ মিটাৰলৈ উচ্চতাত দেখিবলৈ পোৱা যায় । পুখুৰীটোৰ দক্ষিণ পশ্চিম ফালে এতিয়াও কিছুমান দম হৈ পৰা আৰু মাটিৰ তলত পোত খাই থকা মধ্যযুগীয় ইটা দেখা যায় । লগতে প্ৰায় তিনিফুট উচ্চতাৰ শিলৰ টুকুৰাত অতি সুন্দৰকৈ খোদিত মানুহ, নানা জীৱ-জন্তুৰ ছবি দেখিবলৈ পোৱা গৈছিল ।

লগতে পঢ়ক : কংক্ৰিটৰ মহানগৰীত এটি সৌন্দৰ্যৰ নিজৰা

১৯৫০ চনৰ বৰভুঁইকঁপত ইয়াৰ ঘৰ, অট্টালিকাবোৰ ভাঙি ছিন্ন-বিচ্ছিন্ন হৈ পৰে । স্থানীয় ৰাইজৰ মতে আজিও পুখুৰীটোৰ পাৰত মাটিৰ তলত বহু মধ্যযুগীয় ইটা, নানান প্ৰাচীন কীৰ্তিচিহ্নৰ ভগ্নাৱশেষ সমাধিস্থিত হৈ আছে । এই অঞ্চলটো এসময়ত জনশূন্য আৰু ঘন অৰণ্যৰে ভৰা আছিল । কিন্তু ১৯৫৬ চনৰ পৰা এই অঞ্চলত লাহে লাহে মানুহৰ বসতি আৰম্ভ হয় । প্ৰথমে এই অঞ্চলত হাতী ধৰা কাম আৰম্ভ হয় ।

ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী

এই বৃহৎ পুখুৰীত হাতীয়ে জুমপাতি গা ধুইছিল ৷ ডাঙৰ ডাঙৰ হাতীবোৰে পুখুৰীৰ গভীৰতাক ঢুকি নেপাই সাঁতুৰিব লগাত পৰিছিল । তদুপৰি পুখুৰীৰ পানী ভাগত এখন কাঠৰ নাও দেখা পোৱা গৈছিল ।

আনহাতে বয়োজ্যেষ্ঠসকলে কোৱা মতে, ১৯৮২ চনৰ ভাদ মাহত চুবুৰীয়া অৰুণাচল প্ৰদেশত পাহাৰ ভাঙি অহা এক প্ৰৱল বানপানীৰ সোঁতে এই পুখুৰীৰ পাৰ ভাঙি পুখুৰীটোৰ মাজত এটা উপ নদীৰূপে বৈ যায় । বর্তমানেও বৃহৎ পুখুৰীটোৰ মাজেৰে বৈ থকা উপ নৈখনক ‘ৰজাখানা নৈ’ নামে জনা যায় । প্ৰবাদমতে পাহাৰৰ পানীৰ প্ৰৱল সোঁতৰ হেঁচাত পুখুৰীটোৰ উত্তৰ পাৰ ভাঙি পুখুৰীত পানীৰ প্ৰৱেশ ঘটে আৰু পিচত এক প্ৰকাণ্ড বিস্ফোৰণেৰে দক্ষিণ পাৰ ভাঙি পানী ওলাই যায় ।

এক প্ৰকাণ্ড বিস্ফোৰণৰ পিচ মুহূর্ততে ওলাই অহা প্ৰকাণ্ড ধলত মূহুৰ্তৰ ভিতৰতে ডাঙৰ ডাঙৰ মাছ, কাছ, সাপ অঞ্চলটোত বিয়পি পৰিছিল । এই বৃহৎ পুখুৰীটোৰ ধ্বংসাৱশেষবোৰ আজিও ৰজাদিনীয়া ঐতিহ্যৰ স্বাক্ষৰ বহন কৰে । কোনো ৰাজকীয় পৰিয়ালৰ বাদে এনে ধৰণৰ বিশাল ‘বিহাৰ’ তৈয়াৰ কৰা প্ৰায় অসম্ভৱ । মধ্যযুগীয় ইটা, খুন্দিত শিলৰ নমুনা আৰু পুখুৰীৰ পৰিৱেশ কোনোবা এটা যুগৰ এক সংস্কৃতিৰ জ্বলন্ত নিদর্শন ।

ইয়াত নিশ্চয় কোনো ৰাজকীয় অৱদান সন্নিৱিষ্ট হৈ আছে । ৰজাখানা পুখুৰী বা ৰাজগড়ৰ সঠিক গৱেষণাই বুৰঞ্জীৰ পাতত এক নতুন অধ্যায় সন্নিৱিষ্ট হোৱাৰ পূৰ্ণ থল আছে। ফলত ৰজাখানা গাঁৱৰ ৰাইজে ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নতুন চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাইছে ।
লগতে পঢ়ক : শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱাতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.