ETV Bharat / state

ভালুকৰ সাঙীত পৰিণত চৰকাৰী আঁচনি : জৰাজীৰ্ণ ঘৰতেই আশ্ৰয় দম্পতীৰ

author img

By

Published : May 1, 2020, 11:16 AM IST

উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিয়ে গৃহ আৰু শৌচালয় প্ৰদানৰ নামত ধন উৎকোচ লোৱা ঘটনাই পোঁহৰলৈ আনিছে দূৰ্নীতিৰ ভয়াবহ তথ্য ৷ একমাত্ৰ সন্তানৰ সৈতে জৰাজীৰ্ণ জুপুৰীত আশ্ৰয় লোৱা দম্পতীয়ে আজিকোপতি নাপালে চৰকাৰী সুবিধা ৷

Demaji poor family
ভুক্তভোগী দম্পতি

ধেমাজি, 1 মে' : দৰিদ্ৰ লোকৰ সামগ্ৰিক বিকাশৰ বাবে চৰকাৰে ৰূপায়ন কৰিছে বিভিন্ন আঁচনি ৷ কিন্তু চৰকাৰে ৰূপায়ন কৰা আঁচনিয়ে ঢুকি পোৱা নাই ৰাজ্যৰ বহুতো দৰিদ্ৰ লোকক ৷ উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ 2 নং টেকজুৰিৰ এহাল দম্পতীয়ে জৰাজীৰ্ণ ঘৰতেই জীৱন নিৰ্বাহ কৰিছে ৷ স্বামী সত্ৰ বসুমতাৰী আৰু পত্নী সুনিতা বসুমতাৰীয়ে দীৰ্ঘদিন ধৰি লাভ কৰা নাই কোনো চৰকাৰী আঁচনি ৷ আনকি বি পি এল কাৰ্ডৰ পৰাও বঞ্চিত হৈছে স্বামী-স্ত্ৰী ৷ দুখনমান বাঁহৰ জৰাজীৰ্ণ বেৰ আৰু দুখিলামান টিন পাতেৰে নিৰ্মাণ কৰা ঘৰত একমাত্ৰ পুত্ৰ সন্তানৰ সৈতে আশ্ৰয় ল'ব লগা হৈছে পৰিয়ালটোৱে ৷ যাৰবাবে বতাহ-বৰষুণ দিলেই আনৰ ঘৰত আশ্ৰয় ল'ব লগা হয় পতি পত্নীৰ লগতে পুত্ৰই ৷ তেওঁলোকৰ অভিযোগ অনুসৰি চৰকাৰৰ পৰা তেওঁলোকে কোনো সাহায্য পোৱা নাই ৷ আনকি পঞ্চায়তটোৰ প্ৰাক্তন সভাপতি গৰাকীয়ে চৰকাৰী গৃহ আৰু শৌচালয় নিৰ্মাণৰ নামত তেওঁলোকৰ পৰা ধন উৎকোচ লোৱা বুলি অভিযোগ উখাপন কৰে ৷

জৰাজীৰ্ণ ঘৰ

কিন্তু ইমানৰ পাছতো আজিকোপতি নাপালে চৰকাৰী আবাস ৷ যাৰবাবে চৰকাৰ তথা জিলা প্ৰশাসনলৈ চৰকাৰী গৃহ প্ৰদানৰ বাবে অনুৰোধ জনাইছে পৰিয়ালটিয়ে ৷

লগতে পঢ়ক : কৰ'ণা আক্ৰান্ত জোৱানক উভতাই আনিবলৈ ৰাজ্য চৰকাৰক আহ্বান অন্তঃসত্বা পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.