জোনাই, 21 অক্টোৱৰ : জোনাই মহকুমাৰ লাইমেকুৰী মিৰি টাক গিটুং গাঁৱৰ নিবাসী ৰত্নেশ্বৰ বৰি ওৰফে হেমচন্দ্ৰ বৰি নামৰ 50 বছৰীয়া ব্যক্তিজন বুধবাৰে মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, 20 অক্টোবৰত বিয়লি প্ৰায় দুই বজাত শান্তিপূৰ গাঁৱত অনুষ্ঠিত হোৱা ফুটবল খেল চাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল লোকজন ৷ পৰৱৰ্তী সময়ত সন্ধিয়ালৈ ঘুৰি নহাত পৰিয়ালৰ লোকে বিচাৰি থকাৰ সময়তে বুধবাৰৰ দিনৰ প্ৰায় 1 বজাত টাক গিটুং গাঁৱৰ ডেতাক নদীৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 100 মিটাৰ নিলগৰ এটা ফিচাৰীত পৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে লোকজনক ৷
লগতে পঢ়ক : মূল্য বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
লোকজনক মৃত অৱস্থাত উদ্ধাৰ আৰু লোকজনৰ চেন্দেলৰ লগতে অন্য এপাট চেন্দেলও ঘটনাস্থলীত পোৱাৰ উপৰিও মৃত লোকজনৰ মূৰৰ পিছফালে কিছু আঘাতৰ চিন দেখা পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷ ৰত্নেশ্বৰ বৰিৰ এই আকস্মিক মৃত্যক সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে ৷
ইতিমধ্যে, ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ ইফালে, পৰিয়ালে ৰত্নেশ্বৰ বৰিক কোনো লোকে হত্যা কৰি পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে, জোনাই থানাৰ আৰক্ষী বিষয়া ভীমকান্ত পেগুৱে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : তিনিচুকীয়াত ভাৰতীয় সেনাৰ বিৰুদ্ধে অশ্লীল ইংগিতৰ অভিযোগ যুৱতীৰ