ETV Bharat / state

প্ৰাক্তন সাংসদ তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ দেহাৱসান - বিধায়ক

গুৱাহাটীৰ ডাউন টাউন হাস্পতালত প্ৰাক্তন সাংসদ,বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ দেহাৱসান ঘটে ৷ প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ বিভিন্ন দল-সংগঠনৰ ৷

প্ৰাক্তন সাংসদ তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ দেহৱসান
author img

By

Published : Jul 23, 2019, 12:36 PM IST

Updated : Jul 23, 2019, 2:39 PM IST

জোনাই, 23জুলাই : প্ৰাক্তন সাংসদ,বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক,সাধাৰণ সম্পাদক তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ দেহৱসান ৷ গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ৰাতিপুৱা প্ৰায় ৪.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে সাহিত্যিক চৰণ নাৰ্জাৰীৰ ৷ মৃত্যুৰ সময়ত চৰণ নাৰ্জাৰীৰ বয়স আছিল ৮৭ বছৰ ৷

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক চৰণ নাৰ্জাৰী প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অফ আছাম (পি টি চি এ)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল ৷ ১৯৬৭ চনত পিটিচিএ গঠন হোৱাৰ পাছত জনজাতীয় লোকসকলৰ সৰ্বাংগীণ সুৰক্ষাৰ লক্ষ্যৰে তেওঁলোকে ‘উদয়াচল’ নামেৰে সুকীয়া ৰাজ্যৰ দাবীও উত্থাপন কৰিছিল ৷ চৰণ নাৰ্জাৰী ১৯৭২ চনৰ বিধানসভাৰ নিৰ্বাচনত বিপুল সংখ্যক ভোট লাভ কৰি অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু বিধায়ক হিচাপে কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত তেওঁ ১৯৭৭ চনত লোকসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল ৷ ইয়াৰ পাছত ১৯৮৫ চনত তেওঁ পুনৰ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়। প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যুত ধেমাজি জিলা (UBPO)সংযুক্ত বড়ো গণমঞ্চৰ লগতে ধেমাজি জিলাৰ এবছু,আবৌফ অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বি এল টি কল্যাণ পৰিষদ, জোনাই জিলা বড়ো সাহিত্য সভাৰ উপৰিও সংযুক্ত বড়ো গনমঞ্চৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীয়ে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

Intro:Body:প্ৰাক্তন সাংসদ, বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক চৰন নাৰ্জাৰী দেহাৱসান ।

বিভিন্ন দল সংগঠনৰ শোঁক ।

জোনাই, 23 জুলাইঃ-প্ৰাক্তন সাংসদ, বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পাতলত ৰাতিপুৱা প্ৰায় ৪.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে।
হাস্পাতালত চিকিৎসাধীন হৈ থকা অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটা নাৰ্জাৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ।কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক চৰণ নাৰ্জাৰী প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অফ আছাম (পি টি চি এ)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। তেওঁ আছিল একাধাৰে এগৰাকী শিক্ষক, লিখক, সমাজকৰ্মী তথা ৰাজনৈতিক কৰ্মী।১৯৩৩ চনৰ ২৮ মে’ত বৰ্তমান কোকৰাঝাৰৰ চহৰৰ মাজতেই অৱস্থিত মেদাৰকৰো গাঁৱত চৰণ নাৰ্জাৰীৰ জন্ম হৈছিল। কোকৰাঝাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি নাৰ্জাৰীয়ে পাছত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছতে তেওঁ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত সন্মানসহ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ তথা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। শিক্ষা জীৱন সমাপ্ত কৰি কেইবছৰমান কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত সামজিক জীৱনৰ সৈতে জড়িত হৈ পৰে আৰু ৰাজনীতিৰ জগতত প্ৰৱেশ কৰে। তেওঁৰ সমসাময়িক সামাজিক কৰ্মীসকলৰ সৈতে ১৯৬৭ চনত প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অফ আছাম (পি টি চি এ) গঠন কৰে। জনজাতীয় লোকসকলৰ সৰ্বাংগীণ সুৰক্ষাৰ লক্ষ্যৰে তেওঁলোকে ‘উদয়াচল’ নামেৰে সুকীয়া ৰাজ্যৰ দাবীও উত্থাপন কৰিছিল। চৰণ নাৰ্জাৰী ১৯৭২ চনৰ বিধানসভাৰ নিৰ্বাচনত বিপুল সংখ্যক ভোট লাভ কৰি অসম বিধান সভালৈ নিৰ্বাচিত হয়। বিধায়ক হিচাপে কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত তেওঁ ১৯৭৭ চনত লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পাছত ১৯৮৫ চনত তেওঁ পুনৰ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়।ৰাজনীতিক তথা এগৰাকী শিক্ষাবিদ হোৱাৰ উপৰি নাৰ্জাৰী এগৰাকী সচেতন লিখক হিচাপেও পৰিচিত আছিল। তেওঁৰ ‘ড্ৰীম অফ উদয়াচল-হিষ্ট’ৰী অফ প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অফ আছাম’এ ব্যাপক চৰ্চা লাভ কৰিছিল। তেওঁ ‘দ্য বডো’ আৰু ‘আলাৰি’ৰ দৰে আলোচনীৰো সম্পাদক আছিল। তেখেতৰ মৃত্যুত ধেমাজি জিলা (UBPO)সংযুক্ত বড়ো গনমঞ্চ ৰ লগতে ধেমাজি জিলাৰ এবছু, আবৌফ অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বি এল টি কল্যান পৰিষদ, জোনাই জিলা বড়ো সাহিত্য সভাৰ উপৰিও সংযুক্ত বড়ো গনমঞ্চৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীয়ে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ সতগতি কামনা কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

কৰবী দলে জোনাই Conclusion:
Last Updated : Jul 23, 2019, 2:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.