ETV Bharat / state

ধেমাজিৰ টঙানী নদীত ওপঙি উঠিল অসংখ্য মৃত গাহৰি

ধেমাজি জিলাৰ চিচি টঙানী নদীত হঠাতে ভাহি আহিল বহুসংখ্যক মৃত গাহৰি ৷ মৃত অৱস্থাত ভাহি অহা গাহৰিসমূহৰ পৰা অঞ্চলজুৰি সৃষ্টি হৈছে উৎকট দুৰ্গন্ধৰ । নদীখনৰ পানীৰ পৰা বেমাৰৰ বীজাণু সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে ।

author img

By

Published : Mar 3, 2020, 5:15 PM IST

Dead pig floating at dhemaji tongani river assam etv bharat news
ধেমাজিৰ টঙানী নদী

ধেমাজি,3 মাৰ্চঃ ধেমাজি জিলাৰ চিচি টঙানী নদীত অকস্মাতে ভাহি আহিল বহুসংখ্যক মৃত গাহৰি ৷ মৃত অৱস্থাত ভাহি অহা গাহৰিসমূহৰ পৰা অঞ্চলজুৰি সৃষ্টি হৈছে উৎকট দুৰ্গন্ধ । নদীখনৰ দাঁতিকাষৰীয়া গাঁৱসমূহলৈ বিয়পিছে এই দুৰ্গন্ধ । ইপিনে নৈপৰীয়া ঢেকেলীগাঁৱৰ বাসিন্দাই দূষিত পানীকে দৈনন্দিন কামত ব্যৱহাৰ কৰি আহিছে ।

ধেমাজিত অস্বাস্থ্যকৰ পৰিৱেশ

স্থানীয়লোকৰ অভিযোগ অনুসৰি, বিগত কেইবাদিন ধৰি নদীখনত ওপঙি আছে গাহৰিৰ মৃতদেহ সমূহ । কোনো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিসমূহ এইদৰে নদীত ভাহি অহা বুলি সন্দেহ কৰিছে ৰাইজে ৷ অঞ্চলটোত এইদৰে পশুধনসমূহ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ পিছতো খবৰ লবলৈ আহৰি পোৱা নাই ধেমাজি জিলা প্ৰশাসন তথা জিলা পশুপালন বিভাগে । ফলত জিলাখনৰ ভিতৰতে মাছৰ বাবে প্ৰসিদ্ধ টঙানী নদীৰ মৎস্যকূলৰ প্ৰতি ভাবুকি অহা দেখা গৈছে ৷ লগতে মানুহ তথা অন্যান্য জীৱকূললৈও ইয়াৰ জৰিয়তে নামি আহিব পাৰে ভয়ংকৰ বিপদ । নদীখনৰ পানীৰ পৰা বেমাৰৰ বীজাণু সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে ।

লগতে চাওকঃনেমকেয়াৰত জুবিনৰ বাবে কি লিখিলে শ্বিলঙৰ অনুৰাগীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.