ETV Bharat / state

মৃত্যুৰ তিনিমাহ পাছত সোঁশৰীৰে ওলাল সজল দত্ত - ধেমাজিৰ চিলাপথাৰ

আনহাতে, বিমল বৈদ্যৰ পৰিয়ালে সজল দত্তক অপহৰণ কৰি হত্যা কৰা বুলি চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰে সজল দত্তৰ পৰিয়ালে ৷ সমান্তৰালভাবে সজল দত্তৰ মৃতদেহ বিচাৰি অভিযানো আৰম্ভ কৰে চিলাপথাৰ আৰক্ষীয়ে ৷ সজল দত্তৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি তিনিমাহ জেল হাজোতলৈকো প্ৰেৰণ কৰা হয় বিমল বৈদ্য আৰু তেওঁৰ পিতৃক ৷

SILAPATHER
সজল দত্ত
author img

By

Published : Jun 18, 2020, 6:12 PM IST

জোনাই, ১৮ জুনঃ বিগত তিনিমাহ ধৰি হত্যাৰ অভিযোগত জেলৰ ভাত খাবলগীয়া হৈছিল ধেমাজিৰ চিলাপথাৰৰ এটা পৰিয়ালে ৷ পিছে সুদীৰ্ঘ তিনি মাহৰ মূৰত সোশৰীৰে উদ্ধাৰ হ’ল মৃত লোকজন ৷ উক্ত ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,বিগত মাৰ্চত চিলাগাঁৱৰ বিমল বৈদ্যৰ ঘৰলৈ “বৌ ভাত” খাবলৈ গৈছিল চিলাপথাৰৰ পালপট্টিৰ সজল দত্ত নামৰ এজন যুৱক ৷ নিশা নৱবিবাহিতা কইনাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে সজল দত্তৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত বিমল বৈদ্যৰ পৰিয়ালে গোচৰ ৰুজু কৰিছিল ৷ ইয়াৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰিল অভিযুক্ত সজল দত্ত ৷

জোনাই

আনহাতে,বিমল বৈদ্যৰ পৰিয়ালে সজল দত্তক অপহৰণ কৰি হত্যা কৰা বুলি চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰে সজল দত্তৰ পৰিয়ালে ৷ সমান্তৰালভাৱে সজল দত্তৰ মৃতদেহ বিচাৰি অভিযানো আৰম্ভ কৰে চিলাপথাৰ আৰক্ষীয়ে ৷ সজল দত্তৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি তিনিমাহ জেল হাজোতলৈকো প্ৰেৰণ কৰা হয় বিমল বৈদ্য আৰু তেওঁৰ পিতৃক ৷ কিন্তু শেহতীয়াকৈ বিমল বৈদ্যৰ পৰিয়ালে সজল দত্তৰ ফোন নাম্বাৰৰ সৈতে তেওঁৰ সম্ভেদ লাভ কৰে ৷ লগে লগে ধেমাজি আৰক্ষীয়ে ফোন নম্বৰ ট্ৰেকিং কৰি মহাৰাষ্ট্ৰৰ বুলি জানিবলৈ পাৰে ৷ ইয়াৰোপৰি সেই ফোন নম্বৰটোৰ পৰা কৃষক শ্ৰমিক এক্সপ্ৰেছৰে ডিব্ৰুগড়লৈ ৰে’লৰ টিকট কটাৰো খবৰ লাভ কৰে ধেমাজি আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ওড়িশাত শৌচালয়ত ৭ দিনলৈ হোম কোৱাৰেণ্টাইন এজন লোকৰ

সজল দত্ত ডিব্ৰুগড় ষ্টেছন পোৱাৰ পিচৰে পৰা ধেমাজি আৰক্ষীয়ে তেওঁক একপ্ৰকাৰ নজৰ বন্দী কৰে ৷ লগতে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিলাপথাৰৰ হোটেল ব্ৰক্ষ্মপুত্ৰত সজল দত্তক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰে ৷ বুধবাৰে কোৱাৰেন্টাইন শেষ হোৱাৰ পিচত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সজল দত্তক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.