ETV Bharat / state

জোনাই চিয়াং আৰু লালী নৈত জাহ গৈছে বহু পৰিয়াল মাটি ভেটি - জোনাই মহকুমা

চিয়াং আৰু লালী নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভাঙি বৃহত্তৰ বেৰা চাপৰি অঞ্চল বুৰাই পেলোৱাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ ইতিমধ্যে ঘৰ দুৱাৰ, কৃষিভূমি বালিৰে পুতি পেলোৱাত এতিয়া মুৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ ৷

Danger Flood At Jonai
জোনাই চিয়াং আৰু লালী নৈত জাহ গ'ল বহু পৰিয়াল মাটি ভেটি
author img

By

Published : Aug 2, 2020, 7:04 PM IST

জোনাই, ২ আগষ্টঃ জোনাই মহকুমাৰ এক বৃহত্তৰ অঞ্চল বেৰাচাপৰিত প্ৰতিবছৰে চিয়াং আৰু লালী নৈৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে ৷ বিগত ১৫- ২০ বছৰ ধৰি চিয়াং আৰু লালী নৈৰ বান আৰু খহনীয়াই এই অঞ্চলৰ ৰাইজৰ আপোন ঘৰ-বাৰী সকলো কাঢ়ি নিয়াৰ লগতে বহুলোকক গৃহহাৰা কৰিলে ৷ বৰ্তমানে মথাউৰিতে জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোক সকলৰ ৷

জোনাই চিয়াং আৰু লালী নৈত জাহ গ'ল বহু পৰিয়াল মাটি ভেটি

আনহাতে বহু পৰিয়ালে বানত ঘৰ-বাৰী উছন হোৱাত আন ঠাইলৈ গুচি গ'ল ৷ বিপৰীতে আন একাংশই আত্মীয় কুটুমৰ গাঁৱতে আশ্ৰয় ল'বলগীয়া হৈছে ৷ যোৱা দহবছৰৰো অধিক সময় বান আৰু গৰাখহনীয়াই জুৰুলা কাৰাৰ পিছতো কিন্তু এই অঞ্চলৰ সুৰক্ষাৰ বাবে কোনো চৰকাৰ বা জনপ্ৰতিনিধিয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷ তাৰোপৰি বৰ্তমান যেতিয়া অসমৰ মুখমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১৪নং লখিমপুৰ লোকসভাৰ পৰা সাংসদ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেতিয়া অঞ্চলটোৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ লোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্ত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো এই বেৰাচাপৰি অঞ্চলটোৰ বাবে কোনো উন্নয়ণমূলক কাম নকৰাৰ অভিযোগ কৰে স্থানীয় লোকসকলে ৷

পঞ্চায়ত, জলসম্পদ আদি বিভাগে লাখ লাখ টকাৰ আচঁনি হাতত ল'লেও কিন্ত সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ বাৰিষাৰ বতৰ আহিলেহে জনপ্ৰতিনিধি সকল সাৰ পাই বুলি কটাক্ষ কৰে স্থানীয় লোক সকলে ৷ মথাউৰি, পাৰ্কুপাইন, গাইড বান্ধ এই আচঁনি বোৰৰ নামমাত্ৰ কাম কৰিয়েই আচঁনিৰ টকা জনপ্ৰতিনিধি আৰু বিভাগীয় বিষয়া-কৰ্মচাৰী সকলে মিলি লুট কৰাৰ গুৰুতৰ অভিযোগ কৰে ৰাইজে ৷

চিয়াং আৰু লালী নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভাঙি ঘৰ- বাৰী, ৰাস্তা ঘাট, বিদ্যালয় সকলো বুৰাই পেলোৱাৰ লগতে নৈ দুখনে সকলো পুতি পেলালে ৷ আনকি খেতিপথাৰতো ১০-১৫ ফুট ওপৰলৈকে বালিৰে পোত খাইছে ৷ এনেকৈ প্ৰতিবছৰে শ- শ হেক্টৰ ভূমি নদীৰ বুকুত জাহ যোৱাত এতিয়া হুমুনিয়াহ কাঢ়িব লগাত পৰিছে অঞ্চলটোৰ বানাক্ৰান্ত লোক সকলে ৷ অতি শীঘ্ৰে যদি নৈ দুখনৰ মথাউৰি নিৰ্মাণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে অনাগত দিনত নৈৰ বুকুত যে সমগ্ৰ অঞ্চলটো বিলীন হ'ব সেয়া নিশ্চিত বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক- বঙাইগাঁৱত অচিন ৰোগে নষ্ট কৰিছে বিঘাই বিঘাই শালিধানৰ খেতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.