ETV Bharat / state

বজাৰৰ অভাৱত স্তব্ধ গো-পালকৰ জীৱন জীৱিকা

author img

By

Published : Jun 20, 2021, 12:50 PM IST

ক'ভিড সৃষ্টি পৰিৱেশৰ বাবে হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে জোনাই চৰ-চাপৰিৰ একাংশ গো-পালকৰ মাজত ৷ বজাৰৰ অভাৱত গো-পালক সকলে বিক্ৰী কৰিব পৰা নাই খুটিৰ গৰু ৷ যাৰ বাবে স্তব্ধ হৈ পৰিছে চৰ-চাপৰি গো পালক সকলৰ জীৱন জীৱিকা ৷

dairy farm face huge losses in covid situation
বজাৰৰ অভাৱত স্তব্ধ গো পালকৰ জীৱন জীৱিকা

জোনাই, 20 জুন : ক'ভিডৰ দ্বিতীয়টো ঢৌৱে যিধৰণে আতংক কঢ়িয়াই আনিলে সেই ধৰণে অনিশ্চয়তাৰ মাজলে লৈ গ'ল ৰাজ্যৰ কৃষি ভিত্তিক সমাজ ব্যৱস্থাক ৷ ক'ভিডৰ বাবে আন আন ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ দৰে হাহাকৰা পৰিস্থিতি সৃষ্টি হৈছে গো পালক সকলৰ ৷ চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা আংশিক লকডাউনৰ বাবে ব্যৱসায়ীক ক্ষেত্ৰখনত এতিয়া বজাৰৰ অভাৱ দেখা গৈছে ৷ ইয়াৰ প্ৰভাৱ পৰিছে গো-পালক সকলৰ ওপৰতো ৷

বজাৰৰ অভাৱৰ বাবে জোনাই চৰ-চাপৰিৰ একাংশ গো-পালকে গৰু বিক্ৰী কৰিব পৰা নাই ৷ যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে গো-পালক সকলৰ ৷ পোনচাতে ক'বলৈ গ'লে ক'ভিড সৃষ্ট পৰিৱেশে স্তব্ধ কৰি তুলিছে চৰ-চাপৰি গো-পালক সকলৰ জীৱন জীৱিকা ৷

বজাৰৰ অভাৱত স্তব্ধ গো পালকৰ জীৱন জীৱিকা

এনে পৰিপেক্ষিতত ক'ভিডৰ এই জটিল সময়ত কিছু আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ৷ উল্লেখ্য যে, চৰকাৰে এক কালীন সাহাৰ্যৰ ব্যৱস্থা কৰিছে যদিও এতিয়াও গো-পালক সকলে সেই সাহাৰ্য্য লাভ কৰা নাই ৷

সাংবাদিকৰ আগত জোনাই মহকুমাৰ বগৰী চাপৰিৰ গো-পালক সকলে সদৰি কৰা মতে, এই গো-পালনৰ ওপৰতে নিৰ্ভৰ কৰে অৰ্ধ শতাধিক গো-পালকৰ উপাৰ্জন ৷ গো-পালকসকলৰ পৰিয়াল, সন্তানৰ পঢ়া-শুনা, চিকিৎসা আদি সকলো এই গো পালনৰ ওপৰতে নিৰ্ভৰ কৰে ৷

"জোনাই চৰ-চাপৰিৰ গো-পালকসকলে বিগত কিছু মাহৰ পৰা বিক্ৰী কৰিব পৰা নাই খুটিৰ গৰু ৷ বৰ্তমান সময়ৰ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে গৰু ব্যৱসায়ীসকলেও গৰু ক্ৰয় কৰিবলৈ অহা নাই তথা ইচ্ছা প্ৰকাশ কৰা নাই ৷ যাৰ বাবে আৰ্থিক অভাৱত সন্তানৰ পঢ়া-শুনা লগতে চিকিৎসা পৰ্যন্ত কৰিবলৈও এতিয়া সক্ষম নহয় গো পালক সকল ৷" সাংবাদিকক এইদৰে কয় গো পালক সকলে ৷

ইফালে, বজাৰৰ অভাৱত খুটিৰ গাখীৰ বিক্ৰী কৰিব নোৱাৰা কথাও জানিবলৈ দিছে গো পালক সকলে ৷ এনে পৰিপেক্ষিত গো পালক সকলে উপায়হীন হৈ মুখ্যমন্ত্ৰীক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা গুৰু সহ তেওঁলোকক গুলীয়াই মাৰক বুলি ক্ষোভ প্ৰকাশ কৰিছে গো পালক সকলে ৷

লগতে পঢ়ক : ক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.