ETV Bharat / state

গামোচা পিন্ধাই বিদায় কৰ'ণাৰ পৰা মুক্ত হোৱা ৰোগীক

ধেমাজিত মঙলবাৰে ঘৰলৈ যাবলৈ দিয়া হ'ল প্ৰথমজন কৰ'ণা ভাইৰাছৰ পৰা মুক্ত হৈ সুস্থ হোৱা ৰোগীত । 27 মে'ৰ পৰা ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যুৱকজন ।

গামোচা পিন্ধাই বিদায় কৰ'ণাৰ পৰা মুক্ত হোৱা ৰোগীক
গামোচা পিন্ধাই বিদায় কৰ'ণাৰ পৰা মুক্ত হোৱা ৰোগীক
author img

By

Published : Jun 2, 2020, 10:33 PM IST

ধেমাজি, ২ জুন: অৱশেষত জিলাখনৰ ১৯ গৰাকীৰ ভিতৰত ধেমাজি অসামৰিক চিকিৎসালয়স্থিত কোভিড কেন্দ্ৰৰ পৰা ক'ৰণামুক্ত হ'ল এগৰাকী যুৱক ৷ মঙলবাৰে গামোচা পিন্ধাই ঘৰলৈ যাবলৈ দিয়া হ'ল সুস্থ হৈ উঠা লোকজনক । যুৱকজন হৈছে ধেমাজি অকাজানৰ কপিল দাস ।

সুস্থ হৈ উঠা ধেমাজি অকাজানৰ কপিল দাস
সুস্থ হৈ উঠা ধেমাজি অকাজানৰ কপিল দাস

উল্লেখ্য যে হাৰিয়ানাৰ পৰা অহা যুৱকজন প্ৰথমে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত কোৱাৰেইণ্টাইন কেন্দ্ৰত আছিল ৷ ইয়াৰ পিছত তেওঁৰ দেহত ধৰা পৰিছিল COVID-19 । তাৰ পাচতেই ২৭ মে'ত তেওঁক ভৰ্তি কৰোৱা হৈছিল ধেমাজি অসামৰিক চিকিৎসালয়ৰ COVID-19 কক্ষত । ইয়াৰ পিছত মে'ৰ 30 তাৰিখে দুবাৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ অন্তত ক'ৰণা নিগেটিভ অহাত যুৱকজনক আৰোগ্য বুলি কতৃপক্ষই উৰ্দ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে ৷ অৱশেষত স্বাস্থ্য বিভাগে উক্ত যুৱকজনক ক'ৰণামুক্ত প্ৰমাণপত্ৰ দি ঘৰলৈ যাবলৈ দিয়ে ৷

গামোচা পিন্ধাই বিদায় কৰ'ণাৰ পৰা মুক্ত হোৱা ৰোগীক

ইপিনে ক'ৰণাক পৰাভূত কৰিবলৈ সক্ষম হোৱা যুৱকজনক চিকিৎসালয় এৰা সময়ত গামোছাৰে সম্বৰ্দ্ধনা জনাই চিকিৎসালয়ৰ কৰ্তৃপক্ষই । লগতে ঘৰত পালন কৰিবলগীয়া নিয়মাৱলীও প্ৰদান কৰে তেওঁক ৷ এই সময়ত উপস্থিত থাকে ধেমাজিৰ বিধায়ক ৰণোজ পেগু,উপায়ুক্ত নৰসিং পাৱাৰ,যুটীয়া স্বাস্থ্য সঞ্চালক ৰণিধৰ কাকতি,চিকিৎসালয়খনৰ অধীক্ষক যোগেন দাস।

জিলাখনত ১৯ গৰাকী ক'ৰণা আক্ৰান্তৰ ভিতৰত এগৰাকী আৰোগ্য হোৱাৰ পিছত বাকী ১৮ গৰাকীয়ো খুব সোনকালেই আৰোগ্য হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে ধেমাজিৰ উপাযুক্তগৰাকীয়ে ৷

লগতে চাওকঃ বহিঃৰাজ্যৰ মাছ ভৰ্তি ট্ৰাকক কেন্দ্ৰ কৰি চাঞ্চল্য মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.