জোনাই, ৬ জুলাইঃ ধেমাজি জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ লোকৰ সংখ্যা ৷ ধেমাজি অসামৰিক চিকিৎসালয় আৰু চিলাপথাৰ হাস্পতালত কৰ'ণা ৰোগীৰ সংখ্যা অধিক হাৰত বৃদ্ধি পোৱাৰ ফলত ৰোগীক চিকিৎসাৰ বাবে অন্য ৰোগীক অন্য স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে ৷ জানিব পৰা মতে, জোনাইৰ নেপালীবস্তিস্থিত জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কৰ'ণাত আক্ৰান্ত ৰোগীসকলক ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷
দেওবাৰে ধেমাজিৰ পৰা ৫ জন কোভিড ১৯ পজিটিভ ৰোগী চিকিৎসাৰ বাবে জোনাই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে ৷ এই সমূহীয়া স্বাস্থ্যকেন্দ্ৰটোত মুঠ ৩০ জন কোভিড ১৯ ৰোগী ৰাখিব পৰাকৈ ব্যৱস্থা লোৱা হৈছে ৷ আনহাতে সমূহীয়া হাস্পতালখনত ৰোগী ৰখাৰ ফলত অঞ্চলটোৰ লোকসকলক শংকিত হৈ পৰিছে ৷ অঞ্চলটোৰ ৰাইজে এই সমগ্ৰ নেপালী বস্তিক কনন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়কঃ প্ৰচণ্ড শীতৰ বাবে লাডাখ সীমান্তত টেণ্টৰ ব্য়ৱস্থা কৰিবলৈ নিৰ্দেশ ভাৰতীয় সেনাৰ